অসম

assam

ETV Bharat / bharat

চৌদি আৰবৰ পৰা উদ্ধাৰ হাফেজ চৈয়দ মহম্মদক

হাইদৰাবাদত কোৰাণ শিক্ষক হিচাপে কাম কৰি থাকোতেই হাফেজ চৈয়দ নামৰ লোকজনে চৌদি আৰবৰ এটা মছজিদত কাম কৰিবলৈ প্ৰস্তাৱ লাভ কৰিছিল ৷ কিন্তু মছজিদৰ পৰিৱৰ্তে ভিতৰুৱা অঞ্চলত চাফাই কৰ্মীৰ কামহে তেওঁক কৰিবলৈ দিয়ে ৷ সেইসময়চোৱাত তেওঁক অসুস্থ হৈ পৰাৰ পাচতো কোনো লোকেই তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ নকৰিলে ৷ অৱশেষত ভাৰতীয় দূতাবাসে তেওঁক উদ্ধাৰ কৰি হাইদৰাবাদলৈ প্ৰেৰণ কৰে ৷ তেনে এটা পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰে হাফেজ চৈয়দে৷

Hafez Mohammed Bahauddin

By

Published : May 4, 2019, 10:19 AM IST

তেলেংগানা,4 মেঃ চৌদি আৰবত বন্দী হৈ থকা হাইদৰাবাদৰ হাফেজ চৈয়দ মহম্মদ বাহাউদ্দিনৰ বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজ তথা দূতাবাসৰ বিষয়াসকলক ধন্যবাদ ৷ চৌদি আৰবৰ পৰা উদ্ধাৰ কৰি শুকুৰবাৰে ভাৰতলৈ উভতাই পঠোৱাৰ বাবে মন্ত্ৰীগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰে হাফেজ চৈয়দ মহম্মদে ৷

বৈদেশিক মন্ত্ৰণালয়ক ধন্যবাদজ্ঞাপন

ঘটনা অনুসৰি হাইদৰাবাদত কোৰাণ শিক্ষক হিচাপে কাম কৰি থাকোতেই হাফেজ চৈয়দ মহম্মদে চৌদি আৰবৰ এটা মছজিদত কাম কৰিবলৈ প্ৰস্তাৱ লাভ কৰিছিল ৷ কিন্তু মছজিদৰ পৰিৱৰ্তে ভিতৰুৱা অঞ্চলত চাফাই কৰ্মীৰ কামহে কৰিবলৈ দিয়ে হাফেজ চৈয়দ মহম্মদক ৷ সেইসময়চোৱাত লোকজন অসুস্থ হৈ পৰাৰ পাচতো কোনো লোকেই তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ নকৰিলে ৷ অৱশেষত ভাৰতীয় দূতাবাসে হাফেজ চৈয়দ মহম্মদক উদ্ধাৰ কৰি হাইদৰাবাদলৈ প্ৰেৰণ কৰে ৷ তেনে এটা পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰে হাফেজ চৈয়দে ৷

লগতে পঢ়ক : এইবাৰ বাৰিষাত ভয়ংকৰ হ'ব পাৰে অসমৰ অৱস্থা !!!

উল্লেখযোগ্য যে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে 2014 চনত বৈদেশিক মন্ত্ৰণালয়ৰ দায়িত্ব গ্ৰহণ কৰাৰে পৰা মানৱস ৰবৰাহকাৰীৰ কৱলত পৰা কেইবাগৰাকীও ভাৰতীয়ক উদ্ধাৰ কৰি ভাৰতলৈ উভতাই আনিবলৈ সক্ষম হৈছে বৈদেশিক মন্ত্ৰণালয় ৷

ABOUT THE AUTHOR

...view details