অসম

assam

ETV Bharat / bharat

মাস্ক পৰিধান নকৰিলে ৩ দিনৰ বাবে সেৱা আগবঢ়াব লাগিব চিকিৎসালয়ত

মধ্য প্ৰদেশৰ গালিৱাৰ জিলাত ৰাজহুৱা স্থানত যিসমূহ লোকে কোভিড-১৯ ৰ নীতি-নিৰ্দেশনাৰ লগতে মাস্ক পৰিধান নকৰিব তেওঁলোকে ৩ দিনৰ বাবে চিকিৎসালয় আৰু আৰক্ষী চকী সমূহত সেৱা আগবঢ়াব লাগিব । সোমবাৰে এগৰাকী বিষয়াই প্ৰকাশ কৰিছে এই তথ্য ।

By

Published : Jul 6, 2020, 10:11 PM IST

gwalior-not-wearing-mask-work-as-volunteer-in-hospital
gwalior-not-wearing-mask-work-as-volunteer-in-hospital

নিউজ ডেস্ক, ৬ জুলাই :মধ্য প্ৰদেশৰ গালিৱাৰ জিলাত যিসমূহ লোকে ৰাজহুৱা স্থানত কোভিড-১৯ ৰ নীতি-নিৰ্দেশনাৰ লগতে মাস্ক পৰিধান নকৰিব তেওঁলোকে ৩ দিনৰ বাবে চিকিৎসালয় আৰু আৰক্ষী চকী সমূহত সেৱা আগবঢ়াব লাগিব । সোমবাৰে এগৰাকী বিষয়াই প্ৰকাশ কৰিছে এই কথা ।

জিলা উপায়ুক্ত কৌশলেন্দ বিক্ৰম সিংয়ে জনোৱা অনুসৰি, 'Kill Corona' অভিযান আঁচনিৰ পিচতে বিষয়া সকলৰ সৈতে অনুষ্ঠিত কৰা বৈঠকত দেওবাৰে মধ্য প্ৰদেশৰ জিলা প্ৰশাসনে এই নিৰ্দেশ প্ৰদান কৰিছে ।

এই নিৰ্দেশনা অনুসৰি, যি সমূহ নাগৰিকে এই নীতি-নিয়ম উলংঘা কৰাৰ লগতে মাস্ক পৰিধান নকৰিব তেওঁলোকে জৰিমণা ভৰাৰ লগতে চিকিৎসালয় আৰু আৰক্ষী চকীত সেৱা আগবঢ়াব লাগিব য'ত কোভিড ৰোগীক চোৱা-চিতাৰ দায়িত্ব পালন কৰিব লাগিব ।

উল্লেখযোগ্য যে, মধ্য প্ৰদেশ চৰকাৰে কৰ'ণা ৰোগীক চিনাক্ত কৰিবৰ বাবে 'Kill Corona' নামৰ এক অভিযান আৰম্ভ কৰিছে । দেওবাৰে গালিৱাৰ জিলাত ৫১ জন ৰোগী কৰ'ণা ভাইৰাছত আক্ৰান্ত হয় । এইপৰ্যন্ত জিলাখনত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ৫২৮ গৰাকী ।

ABOUT THE AUTHOR

...view details