জু-ৰোডত আটক ভুৱা কোম্পানীৰ 9 মহিলাসহ 37 গৰাকীৰ ব্যক্তি
ৰাজেশ খান নামৰ এগৰাকীৰ ব্যক্তি গৰাকীৰ অধীনত 'Avenir Pvt Ltd' নামেৰে চলিছিল ভুৱা কোম্পানীটো ৷ ইতিমধ্যে কোম্পানীটোৰ স্বত্বাধিকাৰীকো আটক কৰিছে চিআইডিয়ে ৷
নিউজ ডেস্ক, 22 মে': মহানগৰীৰ জু-ৰোডত অপৰাধ অনুসন্ধান শাখাৰ অভিযানত ৷ ভুৱা কল চেন্টাৰৰ বিৰুদ্ধে অভিযান অপৰাধ অনুসন্ধান শাখা চমুকৈ চিআইডিৰ ৷ অভিযানত আটক 9 গৰাকী মহিলাসহ 37 গৰাকী ব্যক্তি ৷
উল্লেখ্য যে, ৰাজেশ খান নামৰ এগৰাকীৰ ব্যক্তি গৰাকীৰ অধীনত 'Avenir Pvt Ltd' নামেৰে চলিছিল ভুৱা কোম্পানীটো ৷ ইতিমধ্যে কোম্পানীটোৰ স্বত্বাধিকাৰীকো আটক কৰিছে চিআইডিয়ে ৷ লগতে কোম্পানীটোৰ পৰা জব্দ কৰে 22 টা মনিটৰ, 40 টা চিপিইউ, দুটা পেনড্ৰাইভ, 1 টা লেপটপ, 32 টা ম'বাইল ফোনৰ লগতে বহুতো আপত্তিজনক নথি পত্ৰ ৷ আনহাতে, কোম্পানীটোৰ বিৰুদ্ধে 120বি, 419, 420,468,471,384 নম্বৰৰ অধীনত গোচৰ ৰুজু কৰি ভুৱা কোম্পানীটোৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে ৷