অসম

assam

ETV Bharat / bharat

জন্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ অভিযানত গুলীচালনা - জন্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত সন্ত্ৰাসবাদীৰ আত্মগোপন

জন্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত সন্ত্ৰাসবাদীৰ আত্মগোপনৰ তথ্য লাভ কৰাৰ পাচত নিৰাপত্তা বাহিনীয়ে চলোৱা অভিযানৰ সময়তে সংঘটিত হৈছে গুলীচালনা ৷ ঘটনা সন্দৰ্ভত বৰ্তমানেও সবিশেষ তথ্য লাভ কৰিব পৰা নাই ।

জন্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ অভিযানত গুলীচালনা
জন্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ অভিযানত গুলীচালনা

By

Published : Feb 8, 2021, 8:28 PM IST

নিউজ ডেস্ক,৮ ফেব্ৰুৱাৰী: জন্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত সন্ত্ৰাসবাদীৰ আত্মগোপন । এই তথ্য লাভ কৰাৰ পাচত নিৰাপত্তা বাহিনীয়ে চলোৱা অভিযানৰ সময়তে গুলীচালনাৰ শব্দ শুনিবলৈ পাইছিল নিৰাপত্তা বাহিনীয়ে । দক্ষিণ জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ আং মাটিপুৰা অঞ্চলত তালাচী অভিযানৰ সময়তে এই গুলীচালনা সংঘটিত গৈছিল । ঘটনা সন্দৰ্ভত বৰ্তমানেও সবিশেষ তথ্য লাভ কৰিব পৰা নাই ।

উল্লেখ্য যে, শনিবাৰে জম্মুৰ ভাটিন্দী অঞ্চলত বাহৰ পাতি থকা লস্কৰ-ঈ-মোস্তাফা চমুকৈ এল ই এম নামৰ এটা সন্ত্ৰাসবাদী সংগঠনৰ মুৰব্বীক গ্ৰেপ্তাৰ কৰে জন্মু-কাশ্মীৰ আৰক্ষীয়ে । জম্মুৰ কুঞ্জৱানী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদীজনৰ পৰা দুটা পিষ্টল, গ্ৰেণেড, বহু বিস্ফোৰক সামগ্ৰী আৰু আপত্তিজনক নথি-পত্ৰ জব্দ কৰা হয় । সন্ত্ৰাসবাদীজন হিদাতুল্লাহ মালিক বুলি জানিব পৰা গৈছে । শনিবাৰে জম্মু আৰু অনন্তনাগ আৰক্ষীৰ যুটীয়া অভিযানত শ্বপিয়ান জিলাৰ পৰা গ্ৰেপ্তাৰ হয় এই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীজনক । জইচ ই মহম্মদৰ মুখ্য সংগঠন হৈছে লস্কৰ-ঈ-মোস্তাফা ।

লগতে পঢ়ক:মেনকা গান্ধীলৈ চমন জাৰি আদালতৰ

ABOUT THE AUTHOR

...view details