নিউজ ডেস্ক, 11 আগষ্টঃ মহাৰাষ্ট্ৰ, কৰ্নাটক, কেৰালাৰ পিচতে গুজৰাটত ভয়ংকৰ ৰূপ ধাৰন কৰিছে বানপানীয়ে ৷ বানপানীৰ সময়তে গুজৰাটৰ এটি ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ ভিডিঅ'টোত এগৰাকী আৰক্ষী কনিষ্টবলক দুটিকৈ শিশুৰ সৈতে দেখিবলৈ পোৱা গৈছে ৷ গুজৰাটৰ মোৰবি জিলাৰ কল্যানপুৰ গাঁৱত এগৰাকী আৰক্ষী কনিষ্টবলে নিজৰ কান্ধত দুটিকৈ শিশুক উঠাই প্ৰায় 1.5 কিলোমিটাৰ দুৰত থকা নিৰাপদ স্থানলৈ কঢ়িয়াই নিয়ে ৷ এই ভিডিঅ' ভাইৰেল হৈ পৰাত আৰক্ষী কনিষ্টবলগৰাকীক সকলোৱে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰা পৰিলক্ষিত হৈছে ৷ নিজৰ জীৱনৰ প্ৰতি চিন্তা নকৰি দুটিকৈ শিশুক এইদৰে কঢ়িয়াই নিয়া আৰক্ষী কনিষ্টবলগৰাকী টানকাৰা আৰক্ষী চকীৰ পৃথিৱীৰাজ সিং জাডেজা বুলি চিনাক্ত হৈছে ৷ ভিডিঅ'টো গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে নিজৰ টুইটাৰযোগে টুইট কৰি আৰক্ষী কনিষ্টবলগৰাকীক ধন্যবাদ জ্ঞাপন কৰে ৷
কান্ধত দুটি শিশুঃ আৰক্ষী কনিষ্টবলৰ সাহসিকতাৰ অনন্য যাত্ৰা - অব্যাহত
গুজৰাটত বানে ভয়ংকৰ ৰূপ লোৱাৰ সময়তে পোহৰলৈ আহিছে সাহসিকতাৰ এক অনন্য দৃশ্য ৷ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দৃশ্যাটোত এগৰাকী আৰক্ষী কনিষ্টবলে একঁকাল পানীৰ মাজেৰে দুটিকৈ শিশুক নিৰাপদ স্থানলৈ কঢ়িয়াই নি থকা পৰিলক্ষিত হৈছে ৷ আৰক্ষী কনিষ্টবলগৰাকীৰ এই দৃশ্য ভাইৰেল হৈ পৰাৰ পিচতে সমগ্ৰ দেশবাসীয়ে বিষয়াগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে ৷
কান্ধত দুটি শিশুঃ আৰক্ষী কনিষ্টবলৰ সাহসিকতাৰ অনন্য যাত্ৰা
আৰক্ষী কনিষ্টবলগৰাকীয়ে কল্যানপুৰ গাঁৱত আবদ্ধ হৈ পৰা 17গৰাকী শিশুসহ সৰ্বমুঠ 42গৰাকী লোকক উদ্ধাৰ কৰে ৷ উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা হৈ থকা প্ৰৱল বৰষুনৰ পিচতে ৰাজ্যখনত বানে ভয়ংকৰ ৰূপ ধাৰন কৰে ৷ ইতিমধ্যে বিগত দুদিনত ৰাজ্যখনৰ সৌৰাষ্ট্ৰ আৰু মধ্য গুজৰাটত 19গৰাকী লোকৰ মৃত্যু ঘটিছে ৷ ৰাজ্যখনত সেনা, এনডিআৰএফ আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীয়ে উদ্ধাৰকাৰ্য অব্যাহত ৰাখিছে ৷