দাহদ(গুজৰাট), 18 চেপ্টেম্বৰ: গুজৰাটৰ দাহদ জিলাৰ মলি নামৰ গাঁৱত এহাল জনজাতীয় পুৰুষ-মহিলাক পৰকীয়া প্ৰেমৰ অভিযোগত গাঁওবাসীয়ে শাস্তি বিহাৰ বাতৰিয়ে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
সামাজিক মাধ্যমত এই শাস্তি প্ৰদানৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে ৷ প্ৰেমিকজনে প্ৰেমিকাক কান্ধত লৈ গাঁৱৰ চাৰিওফালে ঘূৰি ফুৰাৰ দৃশ্য ভিডিঅ'টোত দেখা গৈছে ৷
গুজৰাটৰ দাহদত গঞাই প্ৰেমিকৰ পিঠিত উঠাই ফুৰালে প্ৰেয়সীক পৰৱৰ্তী সময়ত আৰক্ষীয়ে ভিডিঅ'টোৰ ওপৰত ভিত্তি কৰি এটা গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে ৷
"এইটো এটা পুৰণি ভিডিঅ', আমি তদন্ত কৰি আছোঁ ৷ আইন হাতত লোৱাসকলক শাস্তি দিয়া হ'বই "- আৰক্ষী অধীক্ষক হিতেশ জয়সাৰে এইদৰে জনায় ৷
উল্লেখ্য যে, কিছুদিন পূৰ্বে এই প্ৰেমিকযুগলে পলায়ন কৰিছিল যদিও পৰিয়াল তথা ৰাইজে দুয়োজনকে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল ৷