গুজৰাট, ১৪ মে': দেশত বৰ্তমানো অব্যাহত আছে কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপৰ লগতে তৃতীয় পৰ্যায়ৰ লক্ ডাউন । লক্ ডাউনৰ ফলতেই বহু লোক এতিয়াও আৱদ্ধ হৈ আছে বিভিন্ন ৰাজ্যত । ইয়াৰ মাজতেই বুধবাৰে গুজৰাটৰ কচ্ছত সৃষ্টি হৈছিল এক অভাৱনীয় পৰিস্থিতিৰ ।
কচ্ছত আৱদ্ধ হৈ থকা শতাধিক প্ৰব্ৰজনকাৰী শ্ৰমিক সকলে বুধবাৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ চেষ্টা চলোৱাৰ লগতে ঘাইপথৰ মাজৰে চলাচল কৰা বাহনৰ ওপৰত কৰিছিল শিলাবৰ্ষণ । আৱদ্ধ হৈ থকা প্ৰব্ৰজনকাৰী শ্ৰমিক সকলৰ অভিযোগ, সকলো প্ৰয়োজনীয় পঞ্জীয়ন কাৰ্য সমাপন কৰাৰ পাচতো প্ৰশাসনৰ ফালৰ পৰা বৰ্তমানলৈকে কোনো ধৰণৰ সহায় লাভ কৰিবলৈ সক্ষম হোৱা নাই । যাৰ বাবে গান্ধীধাম-কাণ্ডলা ৰাষ্ট্ৰীয় ঘাইপথৰে যোৱা বাহন সমূহক ৰখাবলৈ শিলাবৰ্ষণ কৰিবলৈ বাধ্য হৈ পৰে । এই কাৰ্যত এখন ট্ৰাক ক্ষতিগ্ৰস্থ হৈছিল ।