নিউজ ডেস্ক,১২ আগষ্ট:আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই সদৰি কৰা মতে, গুজৰাটৰ ভৰুছ জিলাৰ হংসত আৰক্ষী থানাত নিয়োজিত এগৰাকী মহিলা আৰক্ষী কনিষ্টবলে তেওঁৰ কোৱাৰ্টাৰতে কৰিলে আত্মহত্যা । দিপিকা পৰমাৰ নামৰ ২৫ বছৰীয়া মহিলা আৰক্ষী কনিষ্টবল গৰাকীয়ে চিলিং ফেনত চিপ লৈ কৰিছে এই আত্মহত্যা ।
গুজৰাটৰ এগৰাকী মহিলা আৰক্ষী কনিষ্টবলে কৰিলে আত্মহত্যা - সৎকাৰ
গুজৰাটৰ হংসত আৰক্ষী থানাত নিয়োজিত এগৰাকী মহিলা কনিষ্টবলে মঙ্গলবাৰে নিশা কৰিলে আত্মহত্যা । মহিলা কনিষ্টবল গৰাকীৰ আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা নাই । আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে ।
গুজৰাটৰ এগৰাকী মহিলা আৰক্ষী কনিষ্টবলে কৰিলে আত্মহত্যা
আৰক্ষী বিষয়া গৰাকীয়ে অৱগত কৰা অনুসৰি ,বৰ্তমানেও আৰক্ষী কনিষ্টবল গৰাকীৰ আত্মহত্যাৰ কাৰণ জানিব পৰা নাই । বিষয়া গৰাকীয়ে ক'লে, দিপিকা পৰমাৰে মঙ্গলবাৰে নিশা প্ৰায় ১১ বজাত এই আত্মহত্যা সংঘটিত কৰিছে ।
ঘটনাৰ বিষয়ে নিশাই অৱগত হোৱাত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি প'ষ্ট মৰ্টেম কৰাৰ অন্তত পৰিয়ালৰ লোকক গতাই দিয়ে । মৃতদেহৰ সৎকাৰ তেওঁৰ গৃহ চহৰ ভাৱনগৰত কৰা হয় । মহিলা আৰক্ষী কনিষ্টবল গৰাকীৰ আত্মহত্যাৰ কাৰণ উদ্ধাৰৰ উদ্দেশ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।