নিউজ ডেস্ক, 2 নৱেম্বৰ :ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে গুজৰাট আদালতে বুধবাৰে এক নিৰ্দেশ প্ৰদান কৰিছে ৷ আদালতৰ নিৰ্দেশ অনুসৰি, ৰাজ্যখনত ক'ভিড প্ৰটক'ল ভংগ কৰা লোক তথা মাস্ক পৰিধান নকৰা লোকে ৰাজ্যখনৰ ক'ভিড চেন্টাৰত সেৱা আগবঢ়াব লাগিব ৷ অধিবক্তা বিশাল আৱতানিৰ দ্বাৰা দাখিল কৰা এক আবেদনৰ ভিত্তিত মুখ্য ন্যায়াধীশ বিক্ৰম নাথ আৰু জে বি পাৰ্দিৱালাৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ প্ৰদান কৰে ৷
ক'ভিড প্ৰটক'ল ভংগকাৰীৰ বিৰুদ্ধে গুজৰাট আদালতৰ বিশেষ নিৰ্দেশনা - মাস্ক পৰিধান
ক'ভিড প্ৰটক'ল ভংগ কৰা লোকৰ বাবে গুজৰাট আদালতে বুধবাৰে এক নিৰ্দেশনা প্ৰদান কৰিছে ৷ নিৰ্দেশ অনুসৰি, ৰাজ্যখনত ক'ভিড প্ৰটক'ল ভংগ কৰা লোক তথা মাস্ক পৰিধান নকৰা লোকে ৰাজ্যখনৰ ক'ভিড চেন্টাৰত সেৱা আগবঢ়াব লাগিব ৷
ক'ভিড প্ৰটক'ল ভংগকাৰীৰ বিৰুদ্ধে গুজৰাট আদালতৰ বিশেষ নিৰ্দেশনা
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ৰাজ্যখনত ক'ভিড প্ৰটক'ল ভংগ কৰা লোকৰ বাবে 2000 টকা জৰিমনা বিহা কৰিছিল ৷ কিন্তু আদালতৰ নিৰ্দেশক আওকাণ কৰি একাংশ লোকে ক'ভিড প্ৰটক'ল ভংগ কৰা পৰিলক্ষিত হৈছিল ৷ যাৰবাবে গুজৰাট আদালতে শেহতীয়াকৈ এই নিৰ্দেশ প্ৰদান কৰিছে ৷
লগতে পঢ়ক :অগপৰ গঢ়াখহনীয়াৰ সৰ্ন্দভত প্ৰতিক্ৰিয়া প্ৰকাশ সভাপতি অতুল বৰাৰ