অসম

assam

ETV Bharat / bharat

পাকিস্তানী নাগৰিকক স্বদেশলৈ উভতি যোৱাৰ অনুমতি দিলে গুজৰাট উচ্চ ন্যায়ালয়ে - নিৰ্দোষী প্ৰমাণিত

নকল মুদ্ৰাৰ গোচৰত নিৰ্দোষী প্ৰমাণিত হোৱাৰ পিছতে স্বগৃহলৈ যোৱাৰ অনুমতি লাভ কৰিছে পাকিস্তানী নাগৰিক ছাজ্জাদ বুঢ়াউদ্দিন ৱ'ৰাই। পাকিস্তানী নাগৰিকজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল নকল মুদ্ৰাৰ গোচৰ। গোচৰত নিৰ্দোষী প্ৰমাণিত হোৱাৰ পিছতে ছাজ্জাদ বুঢ়াউদ্দিনক স্বদেশলৈ পঠিওৱাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিলে গুজৰাট উচ্চ ন্যায়ালয়ে।

পাকিস্তানী নাগৰিকক স্বদেশলৈ উভতি যোৱাৰ অনুমতি দিলে গুজৰাট উচ্চ ন্যায়ালয়ে
পাকিস্তানী নাগৰিকক স্বদেশলৈ উভতি যোৱাৰ অনুমতি দিলে গুজৰাট উচ্চ ন্যায়ালয়ে

By

Published : Aug 25, 2020, 12:37 PM IST

নেশ্যনেল ডেস্ক, ২৫ আগষ্ট :অৱশেষত স্বদেশলৈ উভতি যোৱাৰ অনুমতি লাভ কৰিলে পাকিস্তানৰ ছাজ্জাদ বুঢ়াউদ্দিন ৱ'ৰাই । নকল মুদ্ৰাৰ গোচৰত নিৰ্দোষী প্ৰমাণিত হোৱাৰ পিছতে সোমবাৰে পাকিস্তানী নাগৰিকজনক স্ব-গৃহলৈ যোৱাৰ অনুমতি দিছে গুজৰাট উচ্চ ন্যায়ালয়ে । ২০১৬ চনত নকল মুদ্ৰাৰ গোচৰত পাকিস্তানী নাগৰিকগৰাকীক আটক কৰিছিল চুৰট ৰে'ল আৰক্ষীয়ে । সম্পৰ্কীয় লোকৰ সৈতে ধৰ্মীয় সভাত অংশ ল'বলৈ মুম্বাইলৈ গৈ আছিল ছাজ্জাদ বুঢ়াউদ্দিন ৱ'ৰা । পিছত আদালতত নিৰ্দোষী প্ৰমাণিত হয় যদিও তেওঁক পাকিস্তানলৈ উভতি যোৱাৰ অনুমতি দিয়া নাছিল ।

২০১৯ চনৰ ১৭ আগষ্টত উচ্চতম ন্যায়ালয়েও তেওঁৰ আবেদন খাৰিজ কৰিছিল । ছাজ্জাদ বুঢ়াউদ্দিনৰ অধিবক্তা ঔম কটৱালে পাকিস্তানলৈ উভতি যোৱাত অনুমতি দিবলৈ যোৱা জুলাইত উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল । অৱশেষত ছাজ্জাদ বুঢ়াউদ্দিনক আপত্তিবিহীন নথি প্ৰদানৰ বাবে গুজৰাট উচ্চ নায়্যালয়ে আৰক্ষীক নিৰ্দেশ দিয়ে । ন্যায়াধীশ ছোনিয়া গ'কানি আৰু এন ভি অঞ্জাৰাৰ বিচাৰপীঠে অহা ২৯ আগষ্টৰ ভিতৰত নাগৰিকজনক পাকিস্তানলৈ পঠিয়াবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়ে । উল্লেখ্য যে, ছাজ্জাদক ইচ্ছাৰ বিৰুদ্ধে ভাৰতত ৰখা হৈছে বুলি অভিযোগ উত্থাপন কৰিছিল পাকিস্তানৰ উচ্চায়ুক্তই।

লগতে পঢ়ক :চিকিৎসাধীন ৰাম বিলাস পাছৱান, স্বাস্থ্য সুস্থিৰ

ABOUT THE AUTHOR

...view details