নেশ্যনেল ডেস্ক, 20 ডিচেম্বৰ :জনবহুল নগৰীয়া এলেকাৰ আৰ্থিকভাৱে দুৰ্বল লোকৰ বাসগৃহৰ সমীপত তেওঁলোকক স্বাস্থ্য সেৱা আগবঢ়াবৰ বাবে গুজৰাট চৰকাৰে ক্লিনিক স্থাপন কৰিব বুলি দেওবাৰে ঘোষণা কৰে গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী নিতিন পেটেলে ৷
এলেকাসমূহত "দীনদয়াল" ক্লিনিক স্থাপন কৰা হ'ব ৷ মন্ত্ৰীগৰাকীয়ে কয়, ৰাজ্যখনৰ স্বাস্থ্য বিভাগ, নগৰ নিগম আৰু নগৰ পালিকাই তেনে এলেকাসমূহৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ পেটেলে কয়, "ক্লিনিক সমূহত এমবিবিএছ বা আয়ুস চিকিৎসকে অ'পিডি ৰোগীসকলক চিকিৎসা কৰিব আৰু প্ৰতিদিনে বিয়লি 4 বজাৰ পৰা সন্ধিয়া 6 বজালৈ বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰা হ'ব ৷"