নিউজ ডেস্ক, 21 আগষ্টঃ 2006 চনত আহমেদাবাদত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ ঘটনাৰ সৈতে জৰিত এজন অপৰাধীক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে Gujarat Anti-Terrorism Squad য়ে ৷ অপৰাধীজন Lashkar-e-Taiba ৰ সংগঠনৰ আব্দুল ৰজা গাজী বুলি জানিব পৰা গৈছে ৷ বিগত 14 বছৰে পলাতক অৱস্থাত আছিল অপৰাধীজন ৷
শুকুৰাবাৰে গুজৰাট ATS ৰ আৰক্ষী অধীক্ষক ইমতিয়াজ শ্বেখে এখন সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে যে, Gujarat Anti-Terrorism Squad য়ে অপৰাধীজনক পশ্চিমবংগৰ বাংলাদেশ সীমান্তত গ্ৰেপ্তাৰ কৰে ৷ অপৰাধীজন লস্কৰ গোটৰ সৈতে জৰিত থকাৰ লগতে আব্দুল ৰজা গাজীয়ে বহু অপৰাধীক আশ্ৰয় দিয়া বুলিও সংবাদমেলত অৱগত কৰে ৷ ইয়াৰোপৰি 2006 ত কালুপুৰ ৰে'লৱে ষ্টেচনত সংঘটিত হোৱা বোমা বিস্ফোৰণ কাণ্ডত জৰিত দুই অপৰাধী তথা Lashkar-e-Taiba ৰ সঞ্চালক জুল্ফীকাৰ কাগজী আৰু অবু জুংদালকো গাজীয়ে আশ্ৰয় দিছিল ৷ উক্ত বোমা বিস্ফোৰণত বহু লোক আঘাতপ্ৰাপ্ত হৈছিল ৷