নিউজ ডেস্ক, ১৮ মে': গুজৰাটৰ ৰাজকোটত দেওবাৰে প্ৰৱাসী শ্ৰমিকে কৰা আক্ৰমণৰ ঘটনা সন্দৰ্ভত বৰ্তমান পৰ্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ২৯ জন শ্ৰমিকক । প্ৰৱাসী শ্ৰমিক সকলে ৰাজকোটৰ শ্বাপাৰ উদ্যোগিক অঞ্চলত দেওবাৰে যান-বাহনৰ ওপৰত চলাইছিল আক্ৰমণ । প্ৰৱাসী শ্ৰমিক সেৱাৰ বাবে আগবঢ়োৱা ৰে'ল সেৱাত কিছু সালসলনি হোৱা বাবেই শিলাবৰ্ষনকে ধৰি বিভিন্ন ধৰণে আক্ৰমণ চলাইছিল প্ৰৱাসী শ্ৰমিক সকলে ।
যাৰ বাবে ঘটনাৰ লগত জড়িত ২৯ জন শ্ৰমিকক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে ৰাজকোট ৰেঞ্জৰ উপ মহাপৰিদৰ্শক ছন্ধীপ সিঙে ।