নেশ্যনেল ডেস্ক, 3 ডিচেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 15 ডিচেম্বৰত গুজৰাটৰ কুটছত বিশ্বৰ বৃহত্তম নবীকৰণযোগ্য সৌৰ আৰু বায়ুচালিত শক্তি উদ্যান কেন্দ্ৰটো উদ্বোধন কৰিব ।
ইয়াৰ প্ৰতি লক্ষ্য ৰাখি গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে কয়, 'প্ৰধানমন্ত্ৰীয়ে দুটাকৈ কাৰ্যৰ শুভ উদ্বোধন কৰিবলৈ 15 তাৰিখে গুজৰাট আহিব । ইয়াৰে এটা হৈছে সৌৰ আৰু বায়ু শক্তিৰ পৰা 30,000 মেগাৱাট ক্ষমতা সম্পন্ন বিশ্বৰ বৃহত্তম পুনৰ নৱীকৰণযোগ্য শক্তি উদ্যানৰ উদ্বোধন ।'