অসম

assam

ETV Bharat / bharat

ডিচেম্বৰ মাহত ভাৰত চৰকাৰৰ 1,03,184 কোটি টকা জি.এছ.টিৰ ৰাজহ সংগ্ৰহ - চি.জি.এছ.টি 19.962 কোটি টকা

2019 চনৰ ডিচেম্বৰ মাহত জি.এছ.টিৰ সৰ্বমুঠ 1,03,184 কোটি টকাৰ ৰাজহ সংগ্ৰহ হৈছে ৷ ঘৰুৱা লেনদেনৰ পৰা 2019ৰ ডিচেম্বৰত জি.এছ.টিৰ ৰাজহ 2018ৰ ডিচেম্বৰৰ তুলনাত 16% বৃদ্ধি দেখা গৈছে ৷

GST Revenue collection stood at Rs 1,03,184 crore in December
ডিচেম্বৰ মাহত ভাৰত চৰকাৰৰ 1,03,184 কোটি টকা জি.এছ.টিৰ ৰাজহ সংগ্ৰহ

By

Published : Jan 1, 2020, 10:50 PM IST

নেশ্বনেল ডেস্ক, 1 জানুৱাৰীঃ2019 চনৰ ডিচেম্বৰ মাহত জি.এছ.টিৰ সৰ্বমুঠ 1,03,184 কোটি টকাৰ ৰাজহ সংগ্ৰহ হৈছে ৷ য’ত চি.জি.এছ.টি 19.962 কোটি টকা, এচ.জি.এছ.টি 26,792 কোটি টকা, আই.জি.এছ.টি 48,099 কোটি টকা আৰু উপকৰ 8,331 কোটি সংগ্ৰহ হৈছে ৷

আনহাতে 31 নৱেম্বৰলৈকে দাখিল কৰা জি.এছ.টি.আৰ 3বি ৰিটাৰ্ণৰ সৰ্বমুঠ 81.21 লাখ টকা সংগ্ৰহ হৈছে ৷ ঘৰুৱা লেনদেনৰ পৰা 2019ৰ ডিচেম্বৰত জি.এছ.টিৰ ৰাজহ 2018ৰ ডিচেম্বৰৰ তুলনাত 16% বৃদ্ধি দেখা গৈছে ৷

ডিচেম্বৰ মাহত ভাৰত চৰকাৰৰ 1,03,184 কোটি টকা জি.এছ.টিৰ ৰাজহ সংগ্ৰহ

আমদানিৰ পৰা সংগ্ৰহ কৰা আই.জি.এছ.টিৰ ৰাজহ সংগ্ৰহ 2019ৰ ডিচেম্বৰলৈকে 2018ৰ ডিচেম্বৰৰ তুলনাত 9% বৃদ্ধি হোৱা দেখা গৈছে৷

তাৰোপৰি চৰকাৰে চি.জি.এছ.টিক 21,814 কোটি টকা আৰু নিয়মীয়া বন্দোৱস্তৰ ৰূপত আই.জি.এছ.টিৰ পৰা এচ.জি.এছ.টিক 15,366 কোটি টকা প্ৰদান কৰা হৈছে ৷ ডিচেম্বৰ 2019ৰ নিয়মীয়া বন্দোৱস্ত সমাপ্ত কৰাৰ পিচত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা আৰ্জিত সৰ্বমুঠ ৰাজহ চি.জি.এছ.টিৰ বাবে 41,776 কোটি টকা আৰু এচ.জি.এছ.টি 42,158 কোটি টকা ৷

আৰু পঢ়কঃ ভাৰতীয় অৰ্থনীতিৰ বিষয়ে কি ক'লে প্ৰাক্তন মন্ত্ৰী পি চিদাম্বৰমে

ABOUT THE AUTHOR

...view details