অসম

assam

১৪ জুনত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা জিএছটি পৰিষদৰ বৈঠক

By

Published : May 31, 2020, 7:32 PM IST

আগন্তুক ১৪ জুনত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা জিএছটি পৰিষদৰ বৈঠক । বিশেষ সূত্ৰৰ খবৰ অনুসৰি, লকডাউনৰ মাজতে ভিডিঅ' কনফাৰেন্সৰ যোগেৰে অনুষ্ঠিত হ'ব এই বৈঠক । আনহাতে, জিএছটি কাউঞ্চিলৰ নেতৃত্বত অনুষ্ঠিত এই বৈঠকত সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ প্ৰতিনিধি উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ।

জিএছটি পৰিষদ
১৪ জুনত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা জিএছটি পৰিষদৰ বৈঠক

নিউজ ডেস্ক, ৩১ মে':আগন্তুক ১৪ জুনত জিএছটি পৰিষদৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে এক বিশেষ সূত্ৰই । মহামাৰী COVID-19ৰ সংকটৰ সময়ছোৱাৰ মাজত অনুষ্ঠিত এইখনে হ'ব প্ৰথমখন এনেধৰণৰ বৈঠক । ১৪ জুনত অনুষ্ঠিত হ'বলগীয়া জিএছটি পৰিষদৰ এই বৈঠক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে হ'ব বুলি জানিবলৈ দিয়ে বিশেষ সূত্ৰই ।

বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে অব্যাহত থকা লকডাউনৰ বাবেই ২৫ মাৰ্চৰ পৰা কৰ আদায়ত ক্ষতিগ্ৰস্থ হৈ আছিল কেন্দ্ৰীয় চৰকাৰ । তাৰোপৰি বিগত মাৰ্চ মাহত আয়োজিত জিএছটি পৰিষদৰ ৩৯ সংখ্যক বৈঠকত মহামাৰী কৰ'ণা বাবে দেশজুৰি অৰ্থ ব্যৱস্থাৰ ওপৰত পৰা প্ৰভাৱ পৰা সন্দৰ্ভত চৰ্চা কৰা হৈছিল বুলি জানিবলৈ দিয়ে ।

উল্লেখ্য যে, এই বৈঠক জিএছটি কাউঞ্চিলৰ নেতৃত্বত কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ উদ্যোগত অনুষ্ঠিত হয় । ইয়াত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰতিনিধি উপস্থিত থাকে বুলি জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

...view details