অসম

assam

ৰাজ্য সমূহৰ ক্ষতিপূৰণৰ সহমতি অবিহনে GST কাউন্সিলৰ বৈঠক সমাপ্ত

By

Published : Oct 13, 2020, 12:57 PM IST

সোমবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ নেতৃত্বত GST কাউন্সিলৰ এক বৈঠক অনুস্থিত হৈ যায় ৷ উক্ত বৈঠকত GST সংগ্ৰহৰ হ্ৰাসৰ বাবে ৰাজ্যসমূহক অত্যাধিক ক্ষতিপূৰণ প্ৰদান কৰা বিষয়ৰ ওপৰত আলোচনা কৰা হয় ৷

GST Council meet ends without reaching consensus on compensating states
ৰাজ্য সমূহৰ ক্ষতিপূৰণৰ সহমতি অবিহনে GST কাউন্সিলৰ বৈঠক সমাপ্ত

নিউজ ডেস্ক, 13 অক্টোবৰ : সোমবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ নেতৃত্বত GST কাউন্সিলৰ এক বৈঠক সমাপ্ত হয় ৷ উক্ত বৈঠক GST সংগ্ৰহৰ হ্ৰাসৰ বাবে ৰাজ্যসমূহক অত্যাধিক ক্ষতিপূৰণ প্ৰদান কৰা বিষয়ৰ ওপৰত ৰাজ্য সমূহে সহমত প্ৰকাশ কৰাৰ পূৰ্বেই বৈঠক অনুষ্ঠিত কৰা বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে,পৰোক্ষ কৰৰ ওপৰত সৰ্বোচ্চ সিদ্ধান্ত লোৱা সংগঠনৰ বৈঠকখনে সপ্তাহত দ্বিতীয়বাৰৰ বাবে GST সংগ্ৰহৰ বিৰুদ্ধে ৰাজ্য সমূহে ঋণ লোৱাৰ কেন্দ্ৰৰ প্ৰস্তাৱত এক সহমতত উপনীত হোৱাত ব্যৰ্থ হৈছিল । এইখনে আছিল তৃতীয়খন সভা য'ত নিৰ্ণয় অবিহনে ক্ষতিপূৰণৰ অত্যাৱশ্যকীয়ৰ বিষয়ে আলোচনা কৰা হৈছিল ।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বৈঠকত, কেন্দ্ৰৰ এই হ্ৰাসৰ বাবে ৰাজ্যবোৰৰ GST ধাৰ্য আৰু পৰিশোধ কৰিব নোৱাৰা কৰ বহুগুনে উৎপাদন বৃদ্ধি কৰিব বুলি উল্লেখ কৰে ৷ যাৰ ফলত চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ বাবে ঋণৰ ব্যয় বৃদ্ধি হ'ব । লগতে 21 খন ৰাজ্যই কেন্দ্ৰৰ পৰামৰ্শ অনুসৰি ঋণ ল'বলৈ সন্মত হৈছিল বুলি বৈঠকত মন্তব্য প্ৰদান কৰে ৷

লগতে পঢ়ক :গো-মাফিয়া আদম আলীক 10 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

পাঁচ ঘণ্টীয়া বৈঠকৰ পিচত বিত্তমন্ত্ৰী গৰাকীয়ে পুনৰ কয় যে, এয়া 42 তম GST কাউন্সিলৰ সভা ৷ য'ত 5 বছৰৰ অধিক উপকৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ।

আনহাতে, পূৰ্বৰ বৈঠকত, সভাই 2022 চনৰ জুনৰ পিচত গাড়ী আৰু ধপাত জাতীয় সামগ্ৰীৰ দৰে বিলাসী সামগ্ৰীৰ ওপৰত কৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল; কিন্তু কৰ ৰাজহ হেৰুওৱাৰ বাবে ৰাজ্য সমূহক ক্ষতিপূৰণ দিয়াৰ ওপৰত এক সহমতত উপনীত হোৱাত ব্যৰ্থ হৈছিল । ক্ষতিপূৰণৰ বিষয়ে তেওঁ কয় যে, যিবোৰ ৰাজ্যই ঋণ লব বিচাৰে আমি সুবিধা কৰিম আৰু মই ৰাজ্যবোৰৰ লগত কথা পাতিবলৈ সম্পূৰ্ণৰূপে সাজু থকা বুলি উল্লেখ কৰে ৷ এই সম্পৰ্কত যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁ সাজু বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক :জাতিৰ বিভাজন কেতিয়াও মানি নলয় আক্ৰাছুৱে

আনহাতে, কেন্দ্ৰীয় চৰকাৰে আগষ্টত ৰাজ্য সমূহক দুটা বিকল্প প্ৰদান কৰিছিল য'ত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সুবিধা প্ৰদান কৰা এক বিশেষ আঁচনিৰ অধীনত 97,000 কোটি টকা আৰু বজাৰৰ পৰা 2.35 লাখ কোটি টকালৈ ঋণ আহৰণ কৰিছিল । লগতে, ঋণ পৰিশোধ কৰিবলৈ 2022 চনৰ ভিতৰত বিলাসী আৰু পাণ সামগ্ৰীৰ ওপৰত আৱণ্টন কৰা ক্ষতিপূৰণ কৰ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছিল । এই প্ৰস্তাৱৰ ভিত্তিতে কিছুমান ৰাজ্যই দাবী কৰাৰ পিচত,97,000 কোটি টকাৰ পৰিমাণ 1.10 লাখ কোটি টকালৈ বৃদ্ধি কৰা হৈছিল ।

তেওঁ পুনৰ কয় যে, এই ধৰণৰ প্ৰণালী পৰিচালিত কৰাৰ বাবে বৃহৎ সংখ্যক ৰাজ্য বৰ্তমান সাজু । সেয়েহে তেওঁ এই সমগ্ৰ আঁচনিত সন্দৰ্ভত গুৰুত্ব দিয়াৰ প্ৰয়োজন বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে, চলিত বিত্তীয় মাচুলত এতিয়ালৈকে ক্ষতিপূৰণৰ অভাৱৰ বাবে কেন্দ্ৰই ৰাজ্যসমূহক 20,000 কোটি টকা মুকলি কৰিছে ।

লগতে পঢ়ক :চিৰিয়াখানাত গো-মাংস নিষিদ্ধকৰণক কেন্দ্ৰ কৰি প্ৰতিবাদ

ABOUT THE AUTHOR

...view details