নিউজ ডেস্ক,27 ডিচেম্বৰ :প্লাষ্টিকমুক্ত হায়দৰাবাদ গঢ়াৰ যোগাত্মক পদক্ষেপ হিচাপে বৃহৎ হায়দৰাবাদ পৌৰ নিগমে নিৰ্মাণ কৰিবলৈ লৈছে গ্ৰীণ ষ্ট্ৰীট ভেণ্ডিং জ'ন ৷ ভেণ্ডিং জ'ন সম্পূৰ্ণৰূপে পুনঃনবীকৰণ কৰা হ'ব ৷ হাইটেক-চিটিৰ শিল্পৰমমৰ সমীপত নিৰ্মাণ হ'ব এই ভেণ্ডিং জ'ন ৷ য'ত সম্পূৰ্ণৰূপে পুনঃনবীকৰণ কৰা সামগ্ৰীৰে প্ৰস্তুত কৰা প্ৰায় 55 খন বিপণী থাকিব ৷
গুজৰাটৰ এটা কোম্পানীয়ে এই বিপণী সমূহ নিৰ্মাণ কৰিছে ৷ য'ত প্ৰায় 40 টন পুনঃনবীকৃত প্লাষ্টিক ব্যৱহাৰ কৰা হৈছে ৷ প্ৰতিখন বিপণীৰ বাবে পুনঃনবীকৰণ কৰা হৈছে প্ৰায় 2000 বটল ৷ জি এইছ এম চিয়ে প্ৰতিখন বিপণীৰ বাবে ব্যয় কৰিছে 90 হাজাৰ টকা৷ প্ৰায় 800 মিটাৰ এলেকা অধিকাৰ কৰিছে এই বিপণী সমূহে ৷ সকলো বিক্ৰেতাই FSSAI-ৰ প্ৰমাণ পত্ৰ লাভ কৰিব,যিটো প্ৰথমবাৰৰ বাবে ভাৰতত পদক্ষেপ লোৱা হৈছে ৷ কিন্তু এইয়াই যথেষ্ট নহয় ৷ সকলো বিক্ৰেতাই খাদ্য সুৰক্ষাৰ উপযুক্ত প্ৰশিক্ষণ লাভ কৰাৰ লগতে একক ব্যৱহৃত প্লাষ্টিকৰ ব্যৱহাৰ কম কৰিবলৈও প্ৰশিক্ষণ লাভ কৰিব ৷