অসম

assam

By

Published : Nov 22, 2020, 8:21 PM IST

ETV Bharat / bharat

শীতকালৰ আগমনৰ লগে লগে পৰিভ্ৰমী চৰাইৰ বিচৰণস্থলী হিচাপে পৰিণত চেখা হ্ৰদ

শীতৰ আগমনৰ লগে লগে বিখ্যাত চেখা হ্ৰদত দেশ-বিদেশৰ পক্ষীৰ আগমন ঘটিছে ৷ যাৰবাবে চেখা হ্ৰদৰ সৌন্দৰ্য অধিক বৃদ্ধি পাইছে ৷ ইতিমধ্যে, চেখা হ্ৰদ পৰিদৰ্শন কৰিবৰ বাবে দেশ-বিদেশৰ পৰ্যটক সকলে টুইট কৰা পৰিলক্ষিত হৈছে কিন্তু মহামাৰী ক'ভিড-19 ৰ বাবে প্ৰশাসনে পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে চেখা হ্ৰদত ৷

Grandeur grips Shekha Lake with the chirping of Siberian birds
শীতকালৰ আগমনৰ লগে লগে পৰিভ্ৰমী চৰাইৰ বিচৰণস্থলী হিচাপে পৰিণত চেখা হ্ৰদ

নিউজ ডেস্ক, 22 নৱেম্বৰ : শীতৰ আগমনৰ লগে লগে বিখ্যাত চেখা হ্ৰদত দেশ-বিদেশৰ পক্ষীৰ আগমন ঘটিছে ৷ যাৰবাবে চেখা হ্ৰদৰ সৌন্দৰ্য অধিক বৃদ্ধি পাইছে ৷ ইতিমধ্যে, চেখা হ্ৰদ পৰিদৰ্শন কৰিবৰ বাবে দেশ-বিদেশৰ পৰ্যটক সকলে টুইট কৰা পৰিলক্ষিত হৈছে কিন্তু মহামাৰী ক'ভিড-19 ৰ বাবে প্ৰশাসনে পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে চেখা হ্ৰদত ৷ উল্লেখ্য যে, প্ৰতিবছৰে শীতৰ আগমন হোৱাৰ লগে লগে দেশ-বিদেশৰ বিভিন্ন ধৰণৰ পক্ষী হ্ৰদলৈ আগমন হয় ৷ প্ৰতিবছৰে প্ৰায় 186 প্ৰকাৰৰ পক্ষী চেখা হ্ৰদলৈ আগমন হয় ৷ কিন্তু পক্ষী তথা জীৱকূল অনুপাতে চেখা হ্ৰদত বিভিন্ন ধৰণৰ সমস্যাৰে ভাৰাক্ৰান্ত ৷ তাৰে ভিতৰত এটা অন্যতম সমস্যা হ'ল পানীৰ অভাৱ ৷

পক্ষী অভয়াৰণ্যত পানীৰ অভাৱঃ চেখা হ্ৰদ হৈছে উত্তৰ প্ৰদেশৰ এখন বৃহৎ পক্ষী অভয়াৰণ্য । কিন্তু পানীৰ অভাৱে অভয়াৰণ্যখনলৈ উদ্বেগৰ বিষয় হৈ পৰিছে ৷ ওৰচতে গংগা নামৰ সৰু হ্ৰদ এটাই পানীৰ সমস্যা কিছু পৰিমানে দূৰ কৰে যদিও সেয়া অভয়াৰণ্যখনৰ বাবে পৰ্যাপ্ত নহয় ৷ যাৰবাবে পানীৰ অভাবত অভয়াৰণ্যখনলৈ হোৱা পক্ষীয়ে যথেষ্ট কষ্টৰ সন্মুখীন হ'ব লগা হয় ৷ উল্লেখ্য যে, প্ৰতিবছৰে নৱেম্বৰৰ পৰা ফ্ৰেব্ৰুৱাৰী মাহৰ ভিতৰত অভয়াৰণ্যখন পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে ৷ নৱেম্বৰৰ পৰা ফ্ৰেব্ৰুৱাৰীৰ সময়ত অভয়াৰণ্যখনলৈ দেশ-বিদেশৰ বিভিন্ন পক্ষীৰ আগমন হোৱা পৰিলক্ষিত হয় ৷ বৰ্তমানে অভয়াৰণ্য কৰ্তৃপক্ষই প্ৰৱেশৰ মাচুল বৃদ্ধি কৰা পৰিলক্ষিত হৈছে ৷ পূৰ্বতে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ প্ৰৱেশৰ মাচুল 10 টকা লোৱা হৈছিল কিন্তু বৰ্তমান ভাৰতীয় নাগৰিকৰ মাচুল 30 টকা আৰু বিদেশী নাগৰিকৰ প্ৰৱেশৰ মাচুল 350 টকালৈ বৃদ্ধি কৰা হৈছে ৷ ইতিমধ্যে, অভয়াৰণ্যখনৰ ওপৰত বহু কেইখন তথ্যচিত্ৰ আৰু চিনেমা নিৰ্মাণ কৰা হৈছে ৷

লগতে পঢ়ক :ধুবুৰীৰ ছয়টা পৰীক্ষাকেন্দ্ৰত অনুষ্ঠিত হৈছে অসম আৰক্ষীৰ SI পৰীক্ষা

অভয়াৰণ্যখনে 40 হেক্টৰ ভূমি আগুৰি আছেঃ পক্ষী অভয়াৰণ্যখন ভৱনগড়ী অঞ্চলৰ প্ৰায় ৪০ হেক্টৰ অঞ্চলে বিস্তৃত হৈ আছে । অভয়াৰণ্যখন সেউজীয়া বনৰে আগুৰি আছে য'ত পক্ষী আৰু বিভিন্ন বন্য জীৱ-জন্তুৰ বিচৰণস্থলী ৷ লগতে, অভয়াৰণ্যখনত পৰ্যটকৰ বাবে সঠিক ব্যৱস্থা কৰা হৈছে ৷ পৰ্যটকৰ বাবে হ্ৰদটোৰ চাৰিওফালে খোজকাঢ়িবলৈ সুন্দৰ ব্যৱস্থা কৰা হৈছে ৷ আনকি, শিশুৰ বাবেও বিভিন্ন ধৰণৰ মনোৰঞ্জন ধৰ্মী ব্যৱস্থা কৰা হৈছে অভয়াৰণ্যখনত ৷

পক্ষী বিজ্ঞানী ছেলিমৰ হ্ৰদ পৰিদৰ্শনঃ চেখা হ্ৰদটো প্ৰায় 1852 চনত মোগলৰ সময়ত গঢ় লৈ উঠিছিল ৷ ওচৰতে থকা গংগা নলাৰ পৰা হ্ৰদটোৰ সৃষ্টি হোৱা বুলি একাংশ লোকে মত পোষণ কৰে ৷ সেই সময়ত কৃষক সকলে গংগা নলাটোৰ সৃষ্টি কৰা বুলি বহুলোকে জানিবলৈ দিয়ে ৷ ইতিমধ্যে, পক্ষী অভয়াৰণ্যখনৰ ওপৰত আলিগড় বিশ্ববিদ্যালয়ৰ বহুতো ছাত্ৰ-ছাত্ৰীয়ে গৱেষণা পত্ৰ তৈয়াৰ কৰিছে ৷ আনহাতে, পক্ষী বিজ্ঞানী ড. ছেলিম আলীয়েও এই হ্ৰদটো ভ্ৰমণ কৰিছে ৷

লগতে পঢ়ক :কোভিডে ক্ষতি কৰিছে মুখা আৰু পোছাক শিল্পীক

দেশ-বিদেশৰ বিভিন্ন প্ৰজাতিৰ পক্ষী অভয়াৰণ্যখনত বিচৰণঃনৱেম্বৰ মাহৰ পৰা ফ্ৰেব্ৰুৱাৰী মাহৰ ভিতৰত দেশ-বিদেশৰ বিভিন্ন প্ৰজাতিৰ পক্ষী অভয়াৰণ্যখনত বিচৰণ কৰে ৷ বিভিন্ন ধৰণৰ পক্ষীবোৰ দেখি বন বিভাগৰ লোক তথা পৰ্যটক সকলে আনন্দত আত্মহাৰা হৈ পৰে ৷ অভয়াৰণ্যখনৰ স্থানীয় ৰাইজে বিশ্বাস কৰে যে, শীতকালৰ আগমনৰ লগে লগে বিভিন্ন পক্ষীবোৰে পৰ্যটকক স্বাগতম জনায় ৷

শীতকালৰ আগমনত পৰিভ্ৰমী চৰাইৰ বিচৰণস্থলী চেখা হ্ৰদঃ শীতকালৰ আৰম্ভ হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাইৰ আগমনে চেখা হ্ৰদৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰে ৷ পুৱাই পক্ষীবোৰে হ্ৰদৰ পানীত সাঁতুৰি-নাদুৰি মুক্ত আকাশত উৰি-ফুৰি পৰ্যটকক হাত বাউলী মাতে ৷

লগতে পঢ়ক :আছুৰ নৱ নিৰ্বাচিত কাৰ্যালয় সম্পাদকে কি ক’লে ইটিভি ভাৰতক...

ABOUT THE AUTHOR

...view details