নিউজ ডেস্ক, ১৯ জুন :সীমা বিবাদক কেন্দ্ৰ কৰি গালৱান সীমান্তত সংঘটিত হোৱা চীন-ভাৰতৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষৰ ফলত নিহত হোৱা ২০ জন ভাৰতীয় সৈনিক সম্পৰ্কত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মন্তব্য। নেতা গৰাকীয়ে চৰকাৰক আক্ৰমণ কৰি কয় যে,চৰকাৰ শুই আছিল যাৰ পৰিণতি ২০ গৰাকী ভাৰতীয় সেনাই ভোগ কৰিব লাগিল।
উক্ত সংঘৰ্ষ সন্দৰ্ভত ৰাহুল গান্ধীয়ে এক টুইটত স্পষ্ট কৈ উল্লেখ কৰিছে যে,চীনৰ আক্ৰমণ পূৰ্ব পৰিকল্পিত আছিল । লগতে গালৱান ভূমিত চীনা সৈন্য পূৰ্বৰ পৰাই নিয়োজিত আছিল বুলি নেতা গৰাকীয়ে উল্লেখ কৰে । লগতে কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি নেতা গৰাকীয়ে উল্লেখ কৰে যে,চৰকাৰ গভীৰ নিদ্ৰাত শুই আছিল আৰু পৰিণতি ভাৰতীয় সেনাই ভোগ কৰিলে । আনকি অস্ত্ৰ-শস্ত্ৰ অবিহনে ভাৰতীয় সেনাক উক্ত স্থানলৈ পঠোৱা সন্দৰ্ভতো ৰাহুল গান্ধীয়ে চৰকাৰক প্ৰশ্ন কৰে ।