অসম

assam

ETV Bharat / bharat

নতুনকৈ নিলাম হ'ব ছয়টাকৈ বিমানবন্দৰঃ নিৰ্মলা সীতাৰমণ - পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ

তদুপৰি এই ক্ষেত্ৰত গ্ৰাহকৰ সুবিধাৰ বাবে ভাৰতীয় উৰণ ক্ষেত্ৰত প্ৰযোজ্য প্ৰতিবন্ধকতা সমূহকো হ্ৰাস কৰাৰ দিশত গুৰুত্ব প্ৰদান কৰা হ‘ব ৷

Govt to auction 6 more airports, open up airspace for commercial use
নতুনকৈ নিলাম হ'ব ছয়টাকৈ বিমানবন্দৰঃ নিৰ্মলা সীতাৰমণ

By

Published : May 16, 2020, 9:23 PM IST

নিউজ ডেস্ক, 16 মে‘ : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ জৰিয়তে গ্ৰাহকক অধিক সুবিধাজনক সেৱা আগবঢ়োৱাৰ উদ্দেশ্যৰে নতুনকৈ ছয়টা বিমান বন্দৰৰ নিলাম কৰা হব বুলি ঘোষণা কৰে ৷

এই নীলাম প্ৰক্ৰিয়া অতি সোনকালে আৰম্ভ হ‘ব৷ ইয়াৰ জৰিয়তে ভাৰতীয় বিমান সেৱা প্ৰাধিকৰণে 23 হাজাৰ কোটি টকাৰ ডাউন পেমেন্ট লাভ কৰিব বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷ এই সংবাদ মেলত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে ৰাজ্যিক বিত্তমন্ত্ৰী অনুৰাগ ঠাকুৰ ৷ তদুপৰি এই ক্ষেত্ৰত গ্ৰাহকৰ সুবিধাৰ বাবে ভাৰতীয় উৰণ ক্ষেত্ৰত প্ৰযোজ্য প্ৰতিবন্ধকতা সমূহকো হ্ৰাস কৰাৰ দিশত গুৰুত্ব প্ৰদান কৰা হ‘ব ৷ এই সিদ্ধান্তৰ ফলত বছৰি প্ৰায় এক হাজাৰ কোটি টকাৰ আয় হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে ৷

নতুনকৈ নিলাম হ'ব ছয়টাকৈ বিমানবন্দৰঃ নিৰ্মলা সীতাৰমণ

ইয়াৰ দ্বাৰা বিশ্বৰ ইঞ্জিন নিৰ্মাণ সংস্থা সমূহক ভাৰতত ইঞ্জিনৰ মেৰামতিৰ কাম কৰিবলৈ উৎসাহিত কৰিব বুলি আশা ব্যক্ত কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়কঃ কেৰালাত আৱদ্ধ অসমৰ যুৱকৰ দলৰ অসম চৰকাৰলৈ কাতৰ অনুৰোধ

ABOUT THE AUTHOR

...view details