এনআৰচিৰ দৰে খিলঞ্জীয়া অধিকাৰ ৰক্ষাৰ নীতি প্ৰস্তুত কৰক কেন্দ্ৰই - অসমৰ খিলঞ্জীয়া নাগৰিক
অৱশেষত অসম প্ৰকাশ পালে চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তালিকা ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশক লৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৱে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত প্ৰমোদ বড়োৱে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দৰেই অসমৰ খিলঞ্জীয়া নাগৰিকসকলৰ ৰক্ষাৰ বাবে এক কেন্দ্ৰীয় নীতি প্ৰস্তুত কৰিবলৈ আহ্বান জনায় কেন্দ্ৰীয় চৰকাৰক ৷
নিউজ ডেস্ক, 31 আগষ্টঃ বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত অসমে লাভ কৰিলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ পূৰ্বেই নতুন দিল্লীত উপস্থিত থকা নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৱে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ অসমবাসীৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী খুবেই গুৰুত্বপূৰ্ণ এখন দলিল ৷ ইয়াৰ বাবে অসমে বহু ত্যাগ কৰিছে ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সমান্তৰালকৈ অসমৰ খিলঞ্জীয়া নাগৰিকৰ ৰাজনৈতিক, সামাজিক, শৈক্ষিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক অধিকাৰৰ ৰক্ষাও সমানে গুৰুত্বপূৰ্ণ বুলি কয় আবছুৰ সভাপতিগৰাকীয়ে ৷ অসমৰ খিলঞ্জীয়া নাগৰিকৰ অধিকাৰ ৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে নাগৰিকপঞ্জীৰ দৰেই এক কেন্দ্ৰীয় নীতি প্ৰস্তুত কৰি খিলঞ্জীয়াসকলৰ সকলো অধিকাৰৰে সুনিশ্চিতি প্ৰদান কৰিব লাগে বুলি ইটিভি ভাৰতৰ আগত ব্যক্ত কৰে ৷