নেশ্যনেল ডেস্ক, 14 এপ্ৰিল : মঙলবাৰে শ্ৰম আৰু নিয়োগ মন্ত্ৰণালয়ে জানিবলৈ দিয়ে যে, বেতন সম্পৰ্কীয় অভিযোগ, প্ৰব্ৰজনকাৰী শ্ৰমিকৰ দুৰ্দশা আদি সমাধান কৰিবলৈ চৰকাৰে 20 টাকৈ নিয়ন্ত্ৰণ কক্ষৰ ব্যৱস্থা কৰিছে ৷
উল্লেখ্য যে, 14 এপ্ৰিলৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 3 মে'লৈ বৃদ্ধি কৰিলে ৰাষ্ট্ৰজোৰা লকডাউনৰ সময়সীমা ৷ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান অঞ্চলত 20 এপ্ৰিলৰ পৰা লকডাউন শিথিল কৰা হ'ব বুলিও জানিবলৈ দিয়ে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷
লকডাউনৰ ফলত বাৰুকৈয়ে প্ৰভাৱিত লোকৰ ভিতৰত অন্যতম হৈছে প্ৰব্ৰজনকাৰী শ্ৰমিকসকল কিয়নো অধিকাংশই চাকৰি হেৰুওৱাৰ লগতে বহুসংখ্যকৰ বেতন কৰ্তন কৰা হৈছে ৷