অসম

assam

চৰকাৰী আঁচনি ভোট নহয় 'সকলোৰে বিকাশ'ৰ ওপৰত আধাৰিত : প্ৰধানমন্ত্ৰী

By

Published : Oct 3, 2020, 8:59 PM IST

অটল সুৰংগ উদ্বোধন কৰি চৰকাৰৰ আঁচনি সম্পৰ্কত বিভিন্ন মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ চৰকাৰৰ আঁচনি সকলোৰে বিকাশৰ ওপৰত আধাৰিত বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

চৰকাৰৰ বিভিন্ন আঁচনি সম্পৰ্কত মোডীৰ মন্তব্য
প্ৰধানমন্ত্ৰী মোডী

নেশ্যনেল ডেস্ক, 3 অক্টোবৰ : চৰকাৰৰ কামৰ প্ৰণালীত বিভিন্ন পৰিৱৰ্তন সম্পৰ্কত মন্তব্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে কয় যে, নতুন আঁচনিসমূহ ভোটৰ পৰিমাণৰ ওপৰত নহয়, 'সকলোৰে বিকাশ'ৰ ওপৰত আধাৰিত ৷

কৰ'ণা ভাইৰাছৰ পাচত প্ৰথমবাৰৰ বাবে এক ৰাজহুৱা সভা সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, অটল সুৰংগ দেশৰ সকলো অঞ্চল আৰু লোকৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনাৰ অংশস্বৰূপে উদ্বোধন কৰা হৈছে ৷

পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, লাহৌল স্পিতিৰ দৰে স্থানলৈ যাতায়তৰ বাবে পূৰ্বে বহু সংগ্ৰাম কৰিবলগা হৈছিল ৷

তেওঁ কয়, "চৰকাৰৰ কামৰ প্ৰণালীত বহু পৰিৱৰ্তন আহিছে ৷ এতিয়া কোনো এটা অঞ্চলত কিমান ভোট লাভ কৰিছে তাৰ ওপৰত ভিত্তি কৰি আঁচনি প্ৰস্তুত কৰা নহয় ৷ বৰ্তমান আমাৰ প্ৰচেষ্টা হৈছে দেশৰ কোনো অঞ্চল বিকাশৰ পৰা বাদ পৰি যাব নালাগে ৷ দলিত, শোষিত, পিছপৰা অঞ্চলৰ বাসিন্দা, আদিবাসী আৰু সকলোৰে বাবে প্ৰয়োজনীয়া সুবিধা যোগান ধৰিবলৈ চৰকাৰ দায়বদ্ধ ৷ অটল সুৰংগৰ জৰিয়তে এই অঞ্চলৰ যুৱচামে চাকৰিত নিযুক্তিৰ সুবিধা লাভ কৰিব ৷"

তেওঁ লগতে কয়, "এতিয়া এই অঞ্চলত বহু লোকে হোটেল আৰু দিক নিৰ্দেশকৰ ভূমিকা পালন কৰিব পাৰিব ৷ সুৰংগৰ ফলত এই স্থানত উৎপাদিত বিভিন্ন সামগ্ৰী আৰু হস্তশিল্পৰ সৈতে বিশ্ববাসী অৱগত হ'ব ৷"

লগতে পঢ়ক :ৰাঁচী ৰেলৱে' ষ্টেচনৰ পৰা উদ্ধাৰ 14 কিশোৰী

ABOUT THE AUTHOR

...view details