নিউজ ডেস্ক,2 নৱেম্বৰঃ শনিবাৰে ভাৰত চৰকাৰে নৱগঠিত জম্মু-কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজনৈতিক মানচিত্ৰ প্ৰকাশ কৰে ৷ এতিয়াৰে পৰা ভাৰতৰ ৰাজনৈতিক মানচিত্ৰত প্ৰদৰ্শিত হ'ব নতুনকৈ গঠিত হোৱা কেন্দ্ৰীয় শাসিত অঞ্চল দুটাই ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এক প্ৰকাশিত বিবৃতি অনুসৰি লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলটো দুখনকৈ জিলা ক্ৰমে লেহ আৰু কাৰ্গিলেৰে গঠিত হোৱাৰ বিপৰীতে অবিভক্ত জম্মু-কাশ্মীৰ ৰাজ্যৰ অঞ্চলসমূহক সামৰি জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হৈছে ৷
উল্লেখ্য যে, 1947 চনৰ পূৰ্বে অবিভক্ত তথা সংযুক্ত জম্মু-কাশ্মীৰ ৰাজ্য 14 খন জিলাৰ দ্বাৰা গঠিত হৈছিল ৷ সেই কেইখন হৈছে-কথুৱা, জম্মু, উধামপুৰ, ৰিয়াচী, অনন্তনাগ, বাৰামূলা, পুঞ্চ, মীৰপুৰ, মুজাফৰাবাদ, লেহ আৰু লাডাখ, গিলগিট, গিলগিট ৱাজাৰাত, চিলহাচ আৰু জনজাতীয় প্ৰদেশ ৷
অৱশ্যে 2019 চন পৰ্যন্ত পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ শাসনত থকা চৰকাৰসমূহে এই 14 খনকৈ জিলাৰ পুনৰগঠনৰ যোগেদি ৰাজ্যখনৰ সৰ্বমুঠ জিলাৰ সংখ্যা 14 খনৰ পৰা 28 খনলৈ সম্প্ৰসাৰণ ঘটাইছিল ৷
জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলত নতুনকৈ অন্তৰ্ভুক্ত হোৱা জিলাসমূহ হৈছে ক্ৰমে- কুপৱাৰা, বান্দিপুৰ, গান্দেৰবাল,শ্ৰীনগৰ, বুদগাম, পুলৱামা, ছ'পিয়ান, কুলগাম, ৰাজৌৰি, ৰামবান, ডডা, কিস্তিবাৰ, চাম্বা আৰু কাৰ্গিল ৷
ইয়াৰ ভিতৰত কাৰ্গিল জিলাখনক লেহ আৰু লাডাখ জিলাৰ পৰা ফালি আনি জম্মু-কাশ্মীৰৰ সৈতে সংলগ্ন কৰা হৈছে ৷