নেশ্যনেল ডেক্স, 26 মেঃ N95 মাস্কৰ মূল্য 47 শতাংশতকৈও অধিক হ্ৰাস কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ । মঙলবাৰে ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই কথা ব্যক্ত কৰে কেন্দ্ৰীয় মন্ত্ৰী ডিভি চলামাংকা গৌড়াই । আমি এই পৰ্যন্ত N95 মাস্কৰ মূল্য পূৰ্বতকৈ 47 শতাংশ হ্ৰাস কৰিছো । অনাগত দিনত আমি ইয়াৰ মূল্য আৰু অধিক হ্ৰাস কৰাৰ বাবে আলোচনা কৰি আছো বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । যিহেতু এই সময়ত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক সেয়েহে মাস্কৰ মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । মূল্যবৃদ্ধি ৰোধ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, দেশত সাৰৰ কোনো ধৰণৰ নাটনি হোৱা নাই । ৰাইজৰ লগতে বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি দেশত 30 বিধ সাৰৰ উৎপাদন বন্ধ কৰা হ'ব । কেন্দ্ৰীয় চৰকাৰে জৈৱিক কৃষি ব্যৱস্থাত উৎসাহ যোগাইছে । আৰু আমিও বিচাৰো সকলো লোকেই জৈৱিক কৃষি ব্যৱস্থাত মনোনিৱেশ কৰক ।