নিউজ ডেস্ক,৯আগষ্ট:চৰকাৰী সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, অনুচ্ছেদ ৩৭০ বাতিল হোৱাৰ পিছত জম্মু কাশ্মীৰত পূৰ্বৰে পৰা বসবাস কৰি অহা স্থানীয় লোকসকলৰ আশংকা দূৰ কৰি তেওঁলোকৰ ভূমিৰ অধিকাৰৰ লগতে অন্যান্য সুবিধাসমূহ সুৰক্ষিত কৰিবলৈ এখন নতুন আইন প্ৰনয়ণ কৰা হ'ব । নতুন আইনখন শীঘ্ৰেই সংসদত গৃহীত হোৱাৰ সম্ভাৱনা আছে ।
জম্মু কাশ্মীৰৰ স্থানীয় লোকসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ বাবে প্ৰনয়ণ হ'বলগা এই নতুন আইনখন প্ৰস্তুতিৰ কাম ইতিমধ্যে চলি আছে । এই আইনখন সংসদত গৃহীত হোৱাৰ পিছতেই নতুনকৈ গঠন হোৱা কেন্দ্ৰীয় শাসিত অঞ্চলটোত স্থানীয় লোকসকলৰ মাজত ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত অহা আশংকা সমূহ দূৰ হ'ব ৷ বৰ্তমানলৈকে কোনো নিৰ্বাচন অনুস্থিত নোহোৱা সদ্য গঠনপ্ৰাপ্ত কেন্দ্ৰীয় শাসিত এই অঞ্চলটিত বিধানসভা গঠন নোহোৱাত নতুন ভূমি আইনৰ এই বিষয়টো সংসদত উত্থাপন কৰা হ'ব ।
২০১৯ চনৰ ৫ আগষ্টত অনুচ্ছেদ ৩৭০ বাতিলৰ পিছতে নতুনকৈ গঠন হোৱা কেন্দ্ৰীয় শাসিত এই অঞ্চলটোত বহিৰাগত একাংশ লোকে বসতি স্থাপনৰ আশংকা কৰিছিল স্থানীয় লোকসকলে । যিহেতু অনুচ্ছেদ ৩৭০ বাতিলৰ পিছত ভূমি,অস্থাৱৰ সম্পত্তি তথা চৰকাৰী চাকৰিৰ ক্ষেত্ৰত থকা একচেতিয়া অধিকাৰৰ অৱসান ঘটিছিল । এই একেটা দিনতেই জম্মু কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰি জম্মু কাশ্মীৰ আৰু লাডাখক বিভক্ত কৰিছিল ।