নেশ্যনেল ডেস্ক, 23 অক্টোবৰ: কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপৰ পিছতে বিশৃংখলতা আৰু অধিক বৃদ্ধি পাইছে৷ দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য যোগেশ ত্যাগীৰ পিছত উপ-উপাচাৰ্যক অপসাৰণ কৰাৰ বাবে প্ৰদান কৰা আদেশ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে বৃহস্পতিবাৰে মাজনিশা এক আদেশ যোগে প্ৰত্যাহাৰ কৰে৷ যোশীয়ে উল্লেখ কৰে যে, তেখেতে পৰৱৰ্তী উপাচাৰ্য হিচাপে কাম কৰিব আৰু তেখেতৰ সম্পৰ্কত অৰ্থাৎ উপাচাৰ্যৰ নিযুক্তিৰ নিয়ম অনুসৰি জাৰি কৰা সকলো নিৰ্দেশনা নৱ নিযুক্ত উপাচাৰ্য পি চি যোশীৰ অনুমোদনৰ সৈতে কাৰ্যকৰী কৰা উচিত৷
মন্ত্ৰণালয়ৰ নিৰ্দেশটোত কোৱা হৈছে যে, যিহেতু ত্যাগীয়ে চিকিৎসাজনিত কাৰণত কৰ্তব্যত অনুপস্থিত আছে সেয়ে তেওঁ বিশ্ববিদ্যালয় সম্পৰ্কত জাৰি কৰা নিৰ্দেশ সমূহ বৈধ নহয়, লগতে বিশ্ববিদ্যালয় কাৰ্যনিৰ্বাহক সমিতিয়েও এই নিৰ্দেশসমূহ কাৰ্যকৰী কৰাটো উচিত নহ'ব ৷
ভৱিষ্যতে উপাচাৰ্যগৰাকীয়ে যদি কাৰ্যালয়ত যোগদান কৰিব বিচাৰে তেনেহ'লে তেওঁ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক স্বাস্থ্যৰ সক্ষমতাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিব লাগিব, এই কথা প্ৰকাশ কৰা হৈছে নিৰ্দেশনাটোত৷ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ উপ সচিব বীৰেন্দ্ৰ কুমাৰ সিং স্বাক্ষৰিত নিৰ্দেশনাত এইদৰে কোৱা হৈছে ৷
ভৱিষ্যতে প্ৰাক্তন উপাচাৰ্য গৰাকীয়ে চাকৰিত যোগদান কৰিব বিচাৰিলে তেওঁ য'ত চিকিৎসা কৰি আছে তাৰ পৰা শাৰিৰীক সক্ষমতাৰ প্ৰমাণ পত্ৰৰ সবিশেষ প্ৰস্তুত কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক দিব লাগিব বুলি কোৱা হৈছে৷লগতে নিৰ্দেশনাটোত এইটোও কোৱা হৈছে যে, যদি শাৰিৰীক সক্ষমতাৰ প্ৰমাণ পত্ৰ দিয়ে তেনেহ'লে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সেয়া গ্ৰহণ কৰিব লাগিব ৷
সোঁপন্থী শিক্ষসকলৰ সংগঠন নেশ্যনেল টিচাৰ্ছ ডেমক্ৰেটিক ফ্ৰন্টৰ সদস্য গীতা ভাট যোশীৰ স্থানত স্থলাভিষিক্ত কৰা হৈছে৷ তেওঁ বুদ্ধিজীৱি হোৱাৰ লগতে বৌদ্ধিক আৰু শিক্ষাবিদ গোটটোৰ এজন জেষ্ঠ সদস্য ৷ তেওঁ কয় যে, দিল্লীৰ দাংগাত সংঘটিত ঘটনা জিহাদী আৰু নগৰীয়া নক্সালৰ ষড়যন্ত্ৰ আছিল ৷
21 অক্টোবৰৰ পৰা যুটীআ পঞ্জীয়ক পি চি ঝাক বিশ্ববিদ্যলয়ৰ দক্ষিণ কেম্পাচৰ পৰিচালক আৰু অন্তৱৰ্তীকালীন পঞ্জীয়ক হিচাপে নামকৰণ কৰাৰ বিজ্ঞাপন জাৰি কৰাৰ পিচতে অশান্ত হৈ পৰিছিল বিশ্ববিদ্যালয়ৰ পৰিৱেশ ৷
পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত তাৎক্ষণিক কাৰ্যৰ বাবে অধ্যাপক সুমন কুণ্ডুৱাক দক্ষিণ কেম্পাচৰ পঞ্জীয়কৰ পদত নিয়োগ কৰা হৈছে৷ পৰৱৰ্তী নিৰ্দেশ ওলোৱা লৈকে তেখেতে দিল্লী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হিচাপে কাৰ্যভাৰ চলাই যাব বুলি প্ৰকাশ কৰা হৈছে বিজ্ঞপ্তিখনত ৷
দিল্লী বিশ্ববিদ্যালয়ৰ উপ-উপাচাৰ্যক অপসাৰণক অবৈধ ঘোষণা শিক্ষা মন্ত্ৰালয়ৰ - কেন্দ্ৰীয় চৰকাৰে
কেন্দ্ৰীয় চৰকাৰে দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য যোগেশ ত্যাগীৰ বিপৰীতে নতুনকৈ উপাচাৰ্যৰ স্থানত নিযুক্তি দিয়া পি চি যোশী সম্পৰ্কত দিয়া নিৰ্দেশ মাজনিশা জাৰি কৰে৷ যোশীয়ে প্ৰকাশ কৰিছে যে, পৰৱৰ্তী উপাচাৰ্য হিচাপে তেওঁ কাম কৰিব আৰু উপাচাৰ্যৰ নিযুক্তিৰ নিয়ম অনুসৰি জাৰি কৰা সকলো নিৰ্দেশনা নৱ নিযুক্ত উপাচাৰ্য পি চি যোশীৰ অনুমোদনৰ সৈতে কাৰ্যকৰী কৰা উচিত৷
দিল্লী বিশ্ববিদ্যালয়ৰ উপ-উপাচাৰ্যক অপসাৰণক অবৈধ ঘোষণা শিক্ষা মন্ত্ৰালয়ৰ