মোডীৰ শপত গ্ৰহণৰ বাবে নিৰ্ধাৰিত সময়ৰ পূৰ্বে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়
ৰাষ্ট্ৰপতি ভৱনত কালি সন্ধিয়া 7 বজাত শপতগ্ৰহণ কৰিব মোডী আৰু তেওঁৰ নৱনিৰ্বাচিত মন্ত্ৰীসভাই ৷
নিউজ ডেস্ক, 29 মে': প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ উপলক্ষে বৃহস্পতিবাৰে নিৰ্ধাৰিত সময়তকৈ সোনকালে বন্ধ কৰা হ'ব ৰাষ্ট্ৰপতি ভৱনৰ আশে-পাষে থকা চৰকাৰী কাৰ্যালয় ৷ বিয়লি দুই বজাত চৰকাৰী কাৰ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে ৷
ৰাষ্ট্ৰপতি ভৱনৰ নৰ্থ ব্লক,চাউথ ব্লক,ৰে'ল ভৱন,বায়ু ভৱন,সেনা ভৱন আৰু ডি আৰ ডি অৰ কাৰ্যালয় বিয়লি দুই বজাৰ লগে-লগে বাতিল কৰা হ'ব বুলি জানিবলৈ দিছে প্ৰশাসনে ৷ শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজনৰ বাবেই বন্ধ ৰখা হ'ব চৰকাৰী কাৰ্যালয়সমূহ ৷ বৃহস্পতিবাৰে 7 বজাত ৰাষ্ট্ৰপতি ভৱনত হ'ব নৰেন্দ্ৰ মোডী তথা নৱ নিৰ্বাচিত মন্ত্ৰীসভাৰ শপতগ্ৰহণ প্ৰক্ৰিয়া ৷