নেশ্বনেল ডেস্ক, 24 অক্টোবৰঃ বৃহত্তৰ নাগালিম গঠনৰ বাবে এন এচ চি এন (আই এম)এ জনায় অহা দাবীক গৃহীত নকৰে কেন্দ্ৰই ৷ একেদৰে নাগা শান্তি আলোচনাৰ অন্তিম পৰ্যায়ত সংগঠনটোৱে উত্থাপন কৰা পৃথক সংবিধান আৰু পৃথক পতাকাৰ দাবীক ইতিমধ্যে অগ্ৰাহ্য কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৷ সাম্ভাৱ্য নাগা চুক্তিৰ প্ৰাক্ক্ষণত এই লৈ দেখা দিছে এক অচলাৱস্থা ৷ ইপিনে কেন্দ্ৰীয় চৰকাৰে সুদীৰ্ঘ সময় ধৰি চলি থকা নাগা বিদ্ৰোহী সমস্যা সমাধানৰ বাবে অহা 31 অক্টোবৰৰ ভিতৰত সমাধান সূত্ৰ উলিয়াবলৈ আৰ্হি প্ৰস্তুত কৰিছিল বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সূত্ৰত প্ৰকাশ ৷ সেই সূত্ৰে শেহতীয়া অচলাৱস্থাক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ শীৰ্ষ বিষয়া আৰু বিদ্ৰোহী সংগঠনটোৰ নেতা টি.মুইভাৰ নেতৃত্বত এটা শীৰ্ষস্তৰীয় দলে বৃহস্পতিবাৰে নতুন দিল্লীত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত বিজ্ঞান ভৱনত এক বৈঠকত মিলিত হয় ৷ অতি গোপন ভাবে অনুস্থিত এই বৈঠকত শেহতীয়া বাতৰিৰ পৰলৈ দুয়োপক্ষই নিজৰ নিজৰ স্থিতিত অটল হৈ আছে বুলি সূত্ৰত প্ৰকাশ ৷ কেন্দ্ৰীয় চৰকাৰে বিদ্ৰোহী সংগঠনটোৰ দাবী মানি নল'লে চুক্তিত স্বাক্ষৰ নকৰাটো একপ্ৰকাৰ স্পষ্ট হৈছে ৷
অনিশ্চয়তাত নাগা শান্তি চুক্তি ! - নগা শান্তি চুক্তি শেহতীয়া বাতৰি
নাগা শান্তি আলোচনাত অচলাৱস্থা ৷ পৃথক সংবিধান আৰু পৃথক পতাকাৰ দাবীক অস্বীকাৰ কেন্দ্ৰৰ ৷ বৃহত্তৰ নাগালিমৰ দাবীও মানি নলয় কেন্দ্ৰই !
অনিশ্চয়তাত নগা শান্তি চুক্তি
উল্লেখ্য যে, বিগত 22 বছৰ ধৰি নাগা বিদ্ৰোহী সংগঠনটোৰ সৈতে কেন্দ্ৰীয় চৰকাৰে শান্তি আলোচনা চলাই আহিছে ৷
Last Updated : Oct 24, 2019, 7:39 PM IST