অসম

assam

ETV Bharat / bharat

দুখীয়াসকলৰ একাউন্টত চৰকাৰে 7500 টকাকৈ জমা কৰা উচিত : কংগ্ৰেছ - ৰাহুল গান্ধী

দুখীয়া পৰিয়াললৈ চৰকাৰে 7500 টকাকৈ আগবঢ়োৱা উচিত ৷ MSME খণ্ডৰ পুনৰুদ্ধাৰৰ প্ৰচেষ্টা চলোৱা উচিত - কংগ্ৰেছৰ মন্তব্য ৷

প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা
মনমোহন সিং

By

Published : Apr 20, 2020, 8:54 PM IST

নেশ্যনেল ডেস্ক, 20 এপ্ৰিল : প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা মনমোহন সিঙৰ নেতৃত্বত এটা কংগ্ৰেছ পেনেলে ৰাষ্ট্ৰজোৰা লক ডাউনৰ এই সময়ছোৱাত MSME খণ্ডৰ পুনৰুদ্ধাৰ,শস্য ক্ৰয় আৰু প্ৰব্ৰজন সম্পৰ্কত মন্তব্য় আগবঢ়ায় ৷

জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে,কংগ্ৰেছে অতি সোনকালে সুক্ষ্ম,লঘূ আৰু মধ্যমীয়া বাণিজ্যক প্ৰতিষ্ঠান (MSMEs) সমূহৰ পুনৰুদ্ধাৰৰ বাবে এখন বিশদ পৰিকল্পনা কৰিব ৷ ইয়াৰ জৰিয়তে শস্য় ক্ৰয় আৰু প্ৰব্ৰজনকাৰীৰ বিষয়সমূহ সমাধান কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সন্মুখত দাবী কৰিব ৷

COVID-19 ৰ কংগ্ৰেছৰ পৰামৰ্শকাৰী দলৰ সদস্য ৰমেশে লগতে কয় যে,জন ধন একাউন্ট,অৱসৰপ্ৰাপ্ত একাউন্ট আৰু প্ৰধানমন্ত্ৰী কৃষাণ একাউন্টত 7500 টকাকৈ জমা কৰিবৰ বাবে চৰকাৰক কংগ্ৰেছে অনুৰোধ জনাইছে ৷ দেশৰ সৰ্বাধিক চাকৰি প্ৰদানকাৰী MSME খণ্ডত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনোৱা হৈছে বুলি মনমোহন সিং আৰু ৰাহুল গান্ধীক জানিবলৈ দিয়ে ৰমেশে ৷ এক বা দুই দিনৰ ভিতৰত MSME পুনৰুদ্ধাৰ সম্পৰ্কীয় এক পেকেজ কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিম বুলিও ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে সাংবাদিকক জানিবলৈ দিয়ে জয়ৰাম ৰমেশে ৷

এই খণ্ডত খৰচ কৰিব পৰাকে দেশত অৰ্থ আছেনে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে,দয়ালু আৰু দায়িত্বশীল এখন চৰকাৰৰ ওচৰত অসুৰক্ষিত আৰু দুখীয়াসকলৰ বাবে খৰচ কৰিব পৰাকে অৰ্থ নিশ্চিতভাৱে থাকিব ৷ ৰমেশে লগতে কেন্দ্ৰৰ ওপৰত আৰোপ লগাই কয় যে,মধ্য প্ৰদেশ চৰকাৰক অস্থিৰ কৰাৰ প্ৰচেষ্টা চলাই থকা বাবে কেন্দ্ৰই COVID-19ৰ বিৰুদ্ধে যুঁজ আৰম্ভ কৰাত পলম হ'ল ৷ তেওঁ আশা কৰে যে,চৰকাৰে নিজৰ গাদীখনৰ কথাই চিন্তা নকৰি কংগ্ৰেছে আগবঢ়োৱা পৰামৰ্শসমূহ গ্ৰহণ কৰিব ৷

ABOUT THE AUTHOR

...view details