অসম

assam

ETV Bharat / bharat

সোৱাদ আৰু গোন্ধৰ তাৎক্ষণিক লোকচান সন্দৰ্ভত চৰকাৰৰ বিচাৰ-প্ৰক্ৰিয়া আব্যাহত - স্বাস্থ্য বিভাগ

দেওবাৰে 'নেশ্যনেল টাস্ক ফোৰ্চ'ৰ সৈতে এই বিষয় সন্দৰ্ভত আলোচনাত মিলিত হৈছে স্বাস্থ্য বিভাগ। কিন্তু বৰ্তমানেও বিষয়টো সন্দৰ্ভত কোনো মীমাংসা হোৱা নাই।

COVID-19 test
Govt mulling to include loss of taste, smell as criteria for COVID-19 test

By

Published : Jun 12, 2020, 8:29 PM IST

নিউজ ডেস্ক, ১২ জুনঃ কোভিড-১৯ পৰীক্ষাৰ বাবে সোৱাদ আৰু গোন্ধৰ তাৎক্ষণিক লোকচান হোৱা সকলৰ পৰীক্ষা সন্দৰ্ভত চৰকাৰে বিচাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। দেশত কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা ৩ লাখৰ ওচৰা-ওচৰি হোৱাৰ সময়তেই এটা সূত্ৰই এই সন্দৰ্ভত মত প্ৰকাশ কৰিছে।

সোৱাদ আৰু গোন্ধৰ তাত্ক্ষণিক লোকচান সন্দৰ্ভত চৰকাৰৰ বিচাৰ-প্ৰক্ৰিয়া আব্যাহত

দেওবাৰে 'নেশ্যনেল টাস্ক ফোৰ্চ'ৰ সৈতে এই বিষয় সন্দৰ্ভত আলোচনাত মিলিত হৈছে স্বাস্থ্য বিভাগ। কিন্তু বৰ্তমানেও বিষয়টো সন্দৰ্ভত কোনো মীমাংসা হোৱা নাই।

স্বাস্থ্য মন্ত্ৰণালয়ৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই আলোছনা সভাত কিছু সংখ্যক সদস্যই কোভিড-১৯ পৰীক্ষাৰ বাবে সোৱাদ আৰু গোন্ধৰ তাৎক্ষণিক লোকচান সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছিল। বহুসংখ্যক ৰোগীৰ এই পৰীক্ষাৰ পাছত সোৱাদ আৰু গোন্ধৰ তাৎক্ষণিক লোকচান হোৱা পৰিলক্ষিত হৈছে বুলি উল্লেখ কৰিছিল।

এগৰাকী বিশেষজ্ঞই প্ৰকাশ কৰা অনুসৰি যদিও এইটো কোভিড-১৯ৰ প্ৰধান লক্ষণ নহয়, কিন্তু 'flu' আৰু 'influenza' লক্ষণ থকা ৰোগীসকলৰ প্ৰাথমিক লক্ষণসমূহৰ ভিতৰত এটা হ'ব পাৰে বুলি উল্লেখ কৰে।

আমেৰিকাৰ'নেশ্যনেল পাব্লিক হেল্থ ইনষ্টিটিউট'ৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰ চমুকৈ 'চিডিচি'য়ে মে'ৰ প্ৰথমভাগত কোভিড-১৯ ৰ লক্ষণসমূহৰ তালিকাত সোৱাদ আৰু গোন্ধৰ তাত্ক্ষণিক লোকচানক অন্তৰ্ভুক্ত কৰিছিল।

১৮ মে 'ত ভাৰতীয় স্বাস্থ্য় গৱেষণা সংস্থাই কোভিড-১৯ৰ সংশোধিত পৰীক্ষাৰ কৌশল অনুসৰি 'influenza'ৰ নিচিনা বেমাৰৰ লক্ষণ থকা সকলো প্ৰব্ৰজনকাৰী লোকৰ ৭ দিনৰ ভিতৰত কোভিড-১৯ পৰীক্ষা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

তদুপৰি, 'influenza'ৰ লক্ষণ থকা চিকিত্সাধীন ৰোগী, ফ্ৰণ্টলাইন শ্ৰমিকসকলকো কোভিড-১৯ পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে ভাৰতীয় স্বাস্থ্য় গৱেষণা সংস্থাই। একেদৰে, 'influenza' সদৃশ ৰোগৰ লক্ষণ থকা কৰ'ণা ভাইৰাচ হ'টস্পট অঞ্চলৰ লোক, কণ্টেইনমেণ্ট জ'নত থকা লোক আৰু শ্বাস প্ৰস্বাসজনিত সমস্যাত ভূগি থকা লোকসকলৰো পুনৰ কোভিড ১৯ পৰীক্ষা কৰিবলৈ ভাৰতীয় স্বাস্থ্য় গৱেষণা সংস্থাই নিৰ্দেশাৱলীত প্ৰকাশ কৰিছে।

লগতে চাওকঃ হৃদৰোগত আক্ৰান্ত কোভিড-19 ৰোগীৰ মৃত্যুৰ সম্ভাৱনা অধিক

ABOUT THE AUTHOR

...view details