নেশ্যনেল ডেস্ক, 13 জুন : Unlock 1 ৰ সময়ছোৱাত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা দিনক দিনে ভয়াবহভাবে বৃদ্ধি পাই অহাৰ ফলত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে শুকুৰবাৰে কিছু নিৰ্দেশাৱলী প্ৰকাশ কৰিছে ৷ এই নিৰ্দেশাৱলী অনুসৰি ৰেষ্টুৰেন্ট, হোটেল, ধৰ্মীয় অনুষ্ঠান, শ্বপিং মল আৰু কাৰ্যালয়সমূহত গ্ৰহণ কৰিব লাগিব কিছুমান বিশেষ সতৰ্কতামূলক ব্যৱস্থা ৷ এই ব্যৱস্থাসমূহৰ ভিতৰত আছে উপস্থিত লোকৰ চাল-চলন নিয়ন্ত্ৰণ আৰু কেৱল লক্ষণ নেদেখুওৱা লোককহে প্ৰৱেশত অনুমতি ৷
Unlock-1 ত চৰকাৰৰ ছবি সম্বলিত নিৰ্দেশাৱলী 4 জুনত মন্ত্ৰণালয়ে সাধাৰণ লোক আৰু অৰ্ধ ৰাজহুৱা পৰিৱেশৰ বাবে কাৰ্যবিধি প্ৰকাশ কৰিছিল ৷ কিন্তু ইয়াৰ পাচতে জনসাধাৰণক এই সম্পৰ্কত অধিক সজাগ কৰি তুলিবৰ বাবে ছবি সম্বলিত এখন ৰঙীন নতুন নিৰ্দেশাৱলী প্ৰকাশ কৰিছে ৷
এই দস্তাবেজত কোৱা হৈছে, "Unlock 1.0 ত উপস্থিত হোৱাৰ ফলত COVID-19 ৰ সম্প্ৰসাৰণ বৃদ্ধিৰ বাবে আমি সকলো সময়তে COVID বিৰোধী প্ৰয়োজনীয় গতিবিধি গ্ৰহণ কৰা উচিত ৷"
মন্ত্ৰণালয়ৰ এজন বিষয়ববীয়াই কয়, "এই নিৰ্দেশাৱলী প্ৰকাশ কৰাৰ লক্ষ্য হৈছে সামাজিক আৰু অৰ্থনৈতিক কাৰ্যকলাপ অব্যাহত ৰখাৰ সময়তে COVID ৰ সম্প্ৰসাৰণ ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা ৷"
উল্লেখ্য যে, 8 জুনৰ পৰা সকলো ধৰ্মীয় অনুষ্ঠান, ৰেষ্টুৰেন্ট আৰু শ্বপিং মল মুকলি কৰা হৈছে ৷ দেশৰ বিভিন্ন ছেক্টৰৰ পুনৰ মুকলি কৰা প্ৰথম পৰ্যায়ক 'Unlock 1' হিচাপে নামাকৰণ কৰা হৈছে ৷
এই নিৰ্দেশাৱলী অনুসৰি, মাস্কৰ ব্যৱহাৰ, গ্ৰাহকৰ চাল-চলন নিয়ন্ত্ৰণ, হাত পৰিস্কাৰ, প্ৰয়োজনীয় সামাজিক দূৰত্ব, শ্বাস-প্ৰশ্বাসজনিত শিষ্টাচাৰ আৰু প্ৰতিটো প্ৰৱেশদ্বাৰতে গ্ৰাহক তথা ষ্টাফৰ থাৰ্মেল স্ক্ৰীনিং ৷
ইয়াৰোপৰি, আছে লক্ষণ নেদেখুৱা ষ্টাফ, গ্ৰাহকৰ প্ৰৱেশত অনুমতি, ভিৰ পৰিচালনা, বৃহৎ ভিৰ নিয়ন্ত্ৰণ, ছেনিটাইজেশ্যন, পৰিস্কাৰ খোৱা পানীৰ ব্যৱস্থা আদি ৷ ইয়াৰোপৰি, ধৰ্মীয় অনুষ্ঠানত প্ৰসাদ বিতৰণ আৰু পবিত্ৰ পানী ছটিওৱা আদিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ মূৰ্তি অথবা পবিত্ৰ গ্ৰন্থত স্পৰ্শ কৰাতো বাধা আৰোপ কৰা হৈছে ৷ ৰাজহুৱা পাকঘৰ, লংগৰ আদিতো খাদ্য প্ৰস্তুত আৰু বিতৰণৰ সময়ত সামাজিক দূৰত্ব মানি চলিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷
আনহাতে, ধৰ্মীয় অনুষ্ঠানত ৰেকৰ্ড কৰি ৰখা ধাৰ্মিক গান লগাব পাৰিব কিন্তু একগোট হৈ গীত অথবা কোৰাছ পৰিৱেশন কৰাত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে ৷ সামাজিক প্ৰাৰ্থনাৰ সময়ত বহিবৰ বাবে ব্যৱহাৰ কৰা মেট নিজে আনিব লাগিব ৷ আনহাতে, ঘৰুৱা ডেলিভাৰীৰ ক্ষেত্ৰত ঘৰৰ দুৱাৰত সামগ্ৰীসমূহ থৈ আহিব লাগিব ৷
অৰ্ডাৰৰ সময়ত ডিজিটেল পেমেন্ট আৰু contact-less mode ৰ ওপৰত গুৰুত্ব আৰোপ কৰে মন্ত্ৰণালয়ে ৷ হোটেলত ৰুম ছাৰ্ভিছৰ বাবেও ফোনৰ জৰিয়তে জনাব লাগিব ৷ অফিচ, শ্বপিং মল আৰু ৰেষ্টুৰেন্টসমূহত 1 শতাংশ ছডিয়াম হাইপ'ক্লৰাইট ব্যৱহাৰৰ জৰিয়তে ছেনিটাইজ কৰিব লাগিব ৷
এটা ষ্টেপ এৰি আনটো ষ্টেপত এস্কেলেটৰত মানুহ উঠিব পাৰিব আৰু এলিভেটৰত মানুহৰ সংখ্যাও নিৰ্ধাৰণ কৰি দিব লাগিব ৷ শ্বপিং মলসমূহৰ চিনেমা হল, গেমিং স্থানসমূহ বন্ধ থাকিব ৷ ৰাজহুৱা স্থানত থুঁ পেলোৱাটো নিষিদ্ধ কৰা হৈছে ৷ আৰোগ্য সেঁতু এপ মোবাইল ফোনত ইনষ্টল আৰু ব্যৱহাৰ কৰাটো বাধ্যতামূলক ৷
দেশত এটা দিনত 10,000 গৰাকী আক্ৰান্ত হোৱাৰ লগতে 396 জন লোকৰ মৃত্যু হোৱাৰ পাচতে এই নিৰ্দেশাৱলী প্ৰদান কৰা হয় ৷ বৃহস্পতিবাৰে ভাৰতে গ্ৰেট ব্ৰিটেইনক অতিক্ৰম কৰি কৰ'ণা ভাইৰাছ আক্ৰান্ত বিশ্বৰ বিভিন্ন দেশৰ তালিকাত চতুৰ্থ স্থান দখল কৰে ৷
লগতে পঢ়ক : ভাৰত, লাও PDR য়ে COVID ৰ পাচত বৈশ্বিক সহযোগিতাৰ বাবে সন্মতি