নেচনেল ডেস্ক, 31 ডিচেম্বৰ:প্ৰায় 5 ঘন্টা ধৰি চলা আলোচনাৰ পাছত প্ৰতিবাদী কৃষক আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত অনুষ্ঠিত ষষ্ঠ লানি আলোচনা সমাপ্ত হয় ৷ আলোচনাৰ পাছতে কেন্দ্ৰই জনাইছে যে মুখ্য চাৰিটা বিষয়ৰ ভিতৰত দুটা বিষয়ক লৈ চৰকাৰ আৰু প্ৰতিবাদী কৃষক উভয় পক্ষই সহমতত উপনীত হৈছে আৰু ইয়াৰ পৰ্যায়ৰ বৈঠক 4 জানুৱাৰীত অনুষ্ঠিত কৰাৰ বাবে দিন ধাৰ্য কৰা হৈছে ৷
41 গৰাকী কৃষক নেতাৰে সৈতে বৈঠকত মিলিত হোৱাৰ পাছত বিজ্ঞান ভৱনত সংবাদ মাধ্যমক উদ্দেশ্যি কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিঙ টোমৰে জনাই যে কৃষক আৰু চৰকাৰৰ মাজত অনুষ্ঠিত ষষ্ঠ লানি বৈঠক ইতিবাচকভাৱে এক ভাল পৰিৱেশত সম্পন্ন হয় ৷ আমি দুটা বিষয়ত সহমতত উপনীত হৈছো ৷ পাছৰ পৰ্যায়ৰ বৈঠক 4 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব ৷