নেশ্য়নেল ডেস্ক, 13 এপ্ৰিল : COVID-19 ৰ বাবে ঘোষণা কৰা লকডাউনৰ ফলত ভাৰতত আৱদ্ধ হৈ থকা বিদেশী নাগৰিকৰ ভিছা, ই-ভিছাৰ ম্যাদ সোমবাৰে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷
ভাৰতত আৱদ্ধ বিদেশী নাগৰিক : 30 এপ্ৰিললৈ ভিছা, ই-ভিছাৰ ম্যাদ বৃদ্ধি চৰকাৰৰ - 21 দিনীয়া ৰাষ্ট্ৰজোৰা লকডাউন
বিদেশী নাগৰিকৰ ভিছা, ই-ভিছাৰ ম্য়াদ বৃদ্ধি ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰিলে এই কথা ৷
30 এপ্ৰিললৈ ভিছা, ই-ভিছাৰ ম্যাদ বৃদ্ধি চৰকাৰৰ
উল্লেখ্য যে, 24 মাৰ্চত ঘোষণা কৰা 21 দিনীয়া ৰাষ্ট্ৰজোৰা লকডাউনৰ ফলত ভাৰতত আৱদ্ধ হৈ পৰিছিল বিদেশী নাগৰিকসকল ৷
এই সম্পৰ্কত গৃহ মন্ত্ৰণালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে, "COVID-19 ৰ বাবে ঘোষণা কৰা লকডাউন আৰু ভ্ৰমণ প্ৰতিবন্ধকতাৰ ফলত ভাৰতত আৱদ্ধ হৈ পৰা বিদেশী নাগৰিকৰ ভিছা, ই-ভিছাৰ ম্যাদ 30 এপ্ৰিলৰ মধ্যৰাতিলৈ বৃদ্ধি কৰা হৈছে ৷"
Last Updated : Apr 13, 2020, 8:56 PM IST