অসম

assam

ETV Bharat / bharat

৩ মে'ৰ মাজ নিশালৈ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান চলাচলত নিষেধাজ্ঞা - suspension of airlines in india

ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান চলাচলৰ নিষেধাজ্ঞাৰ সময়-সীমা বৃদ্ধি । চলিত বৰ্ষৰ ৩ মে'ৰ নিশা ১১.৫৯ বজালৈ বন্ধ থাকিব বিমান সেৱা । চিভিল এভিয়েশ্বন মন্ত্ৰণালয়ে সদৰি কৰে এই কথা ।

Govt extends suspension of domestic, intl commercial passenger flights till May 3 midnight
Govt extends suspension of domestic, intl commercial passenger flights till May 3 midnight

By

Published : Apr 14, 2020, 3:20 PM IST

নিউজ ডেস্ক, ১৪ এপ্ৰিলঃদেশত কৰ'ণা ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে বৃদ্ধি কৰা হয় লক্ ডাউনৰ সময়-সীমা । ইয়াৰ লগে-লগে সকলো ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান চলাচলৰ ক্ষেত্ৰত থকা পূৰ্বৰ নিষেধাজ্ঞাৰ সময়-সীমাও এতিয়া বৃদ্ধি কৰা হৈছে । বৰ্তমানে ৩ মে'ৰ নিশা ১১.৫৯ বজালৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছে বিমান চলাচলত । মঙলবাৰে এই কথা সদৰি কৰিছে চিভিলি এভিয়েশ্বন মন্ত্ৰণালয়ে ।

মঙলবাৰে প্ৰধানমন্ত্ৰীৰ দেশবাসীক সম্বোধনৰ পাচতেই গ্ৰহণ কৰা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ইয়াৰ পূৰ্বে ২৫ মাৰ্চৰ পৰা ১৪ এপ্ৰিললৈ সকলো ধৰণৰ বিমান চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল । টুইটাৰ যোগে বিমান সেৱা বাতিলৰ সময়-সীমা বৃদ্ধি কৰাৰ কথা প্ৰকাশ কৰা হৈছে ।

ABOUT THE AUTHOR

...view details