অসম

assam

MSME,জনতাক নগদ সাহাৰ্য নিদি চৰকাৰে ধ্বংস কৰিছে অৰ্থনীতিঃ ৰাহুল গান্ধী

By

Published : Jun 6, 2020, 5:01 PM IST

তাৎক্ষণিকভাৱে দৰিদ্ৰ লোকসকলক সাহাৰ্য দিয়াৰ লগতে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগক উদ্গনি জগাবলৈ অনুদান আগবঢ়াবলৈ চৰকাৰক দাবী কৰিছিল ৰাহুল গান্ধীয়ে ।

ৰাহুল গান্ধী
MSME,জনতাক নগদ সাহাৰ্য নিদি চৰকাৰে ধ্বংস কৰিছে অৰ্থনীতিঃ ৰাহুল গান্ধী

নিউজ ডেস্ক, 6 জুনঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শনিবাৰে চৰকাৰে দেশৰ অৰ্থনীতি ধ্বংস কৰা বুলি অভিযোগ কৰে। লক ডাউনে সকলোকে জুৰুলা কৰাৰ পাচত MSME আৰু দৰিদ্ৰ জনতাক নগদ সাহায্য নিদিয়াৰ বাবে দেশৰ অৰ্থনীতি ধ্বংসৰ দিশে আগবঢ়া বুলি কয় কংগ্ৰেছ নেতাগৰাকীয়ে ।

অৰ্থনীতি আৰু ৰাজ্যিক পৰিক্ৰমাৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগত কৰ'ণা ভাইৰাছ মহামাৰীৰ প্ৰভাৱ সম্পৰ্কে প্ৰকাশিত এক প্ৰতিবেদন ৰাহুল গান্ধীয়ে টুইটাৰত শ্বেয়াৰ কৰি এই সমালোচনা আগবঢ়াই । তেওঁ টুইটৰ শেষত মোডীৰ শাসনক "দানৱ 2.0" বুলিও অভিহিত কৰে ।

উল্লেখ্য যে, গান্ধীয়ে দৰিদ্ৰ লোকসকলক সহায়ৰ বাবে চৰকাৰাক 10,000 টকাকৈ দিবলৈ আহ্বান জনোৱাৰ লগতে MSME উদ্যোগৰ ক্ষেত্ৰতো উদ্গনি বাবে অনুদান আগবঢ়াবলৈ আহ্বান জনাইছিল ।

কংগ্ৰেছে MSME ক্ষেত্ৰক অগ্ৰাধিকাৰ দিবলৈ পূৰ্বৰ পৰাই কৈ আহিছে যাতে বৃহৎ সংখ্যক লোকক এই উদ্যোগৰ দ্বাৰা নিয়োজিত কৰিব পাৰি । আনহাতে জনতাৰ হাতত নগদ ধন দিয়াৰো এইবাবেই পোষকতা কৰি আহিছে যাতে সামগ্ৰী ক্ৰয়ৰ জৰিয়তে যোগান আৰু চাহিদা বৃদ্ধি কৰিব পাৰে ।

সংকটৰ পৰা মুক্ত হ'বলৈ চৰকাৰে জনতাক নগদ ধন উপলব্ধ নকৰোৱাটো এক অপৰাধ বুলি পূৰ্বেই উল্লেখ কৰিছিল গান্ধীয়ে । আনহাতে লক ডাউন নীতিৰ জৰিয়তে কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধ কৰাত চৰকাৰ ব্যৰ্থ হৈছে বুলি উল্লেখ কৰে কংগ্ৰেছী নেতাগৰাকীয়ে ।

লগতে চাওকঃ দশম স্থান দখলেৰে লংকালৈ গৌৰৱ কঢ়িয়ালে অংকিতা দে'য়ে

ABOUT THE AUTHOR

...view details