নিউজ ডেস্ক, 24 চেপ্তেম্বৰঃ দেশৰ সুৰক্ষাক লৈ চৰকাৰে যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সাজু আছে ৷ দেশৰ কেন্দ্ৰীয় নিৰাপত্তা সংস্থাসমূহৰ লগতে সেনাবাহিনী সদা সষ্টম হৈ আছে আৰু ইয়াৰ বাবে চৰকাৰে ভাৰতবাসীৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো আপোচ নকৰে ৷ যি মুহূৰ্ততে প্ৰয়োজন হয় সেই মুহূৰ্ততে ৰাইজৰ সুৰক্ষাক লৈ চৰকাৰ প্ৰতিপল সষ্টম কৰি ৰাখিছে দেশৰ সুৰক্ষা বাহিনীসমূহক ৷
ৰাইজৰ নিৰাপত্তাৰ বাবে চৰকাৰে যিকোনো কামেই কৰিবঃ ৰাজনাথ সিং
পাটনাত এখন জনসভাত অংশগ্ৰহণ কৰাৰ পিচত মঙলবাৰে চেন্নাইৰ এক বঁটা বিতৰণী সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰি দেশৰ সুৰক্ষাৰ বাবে চৰকাৰে যিকোনো কাম কৰিবলৈ সাজু থকাৰ লগতে দেশৰ নিৰাপত্তা বাহিনীসমুহো প্ৰতিপল সষ্টম হৈ আছে বুলি বক্তব্য প্ৰদান কৰে ৷
ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ সাহসিকতা আৰু স্মৰ্তব্য সেৱা মেডেল প্ৰদান কৰিবলৈ চেন্নাইস্থিত উপকূলৰক্ষী বাহিনীৰ কাৰ্যালয়ত উপস্থিত হয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী ৷ অনুষ্ঠানত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ বিষয়া তথা জোৱানসকলক 61 টাকৈ মেডেল প্ৰদান কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিৰ উপকূলৰক্ষী মেডেল আৰু উপকূলৰক্ষী মেডেলৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ কথাও উল্লেখ কৰে প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে ৷ সিঙে লগতে কয় যে,প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰদান কৰা লাগতিয়াল নথি-পত্ৰত দেশৰ ৰাষ্ট্ৰপতিয়ে ইতিমধ্যে স্বাক্ষৰ কৰিছে আৰু তাক প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷
আহাতে সভাত দেশৰ সুৰক্ষাক লৈ সষ্টম হৈ পৰে প্ৰতিৰক্ষামন্ত্ৰীগৰাকী ৷ চৰকাৰে দেশৰ জনতাৰ সুৰক্ষাৰ বাবে যিকোনো কামেই কৰিবলৈ সাজু আছে,যাতে ভাৰতবৰ্ষৰ নাগৰিকে দেশৰ সুৰক্ষিত অনুভৱ কৰে ৷ ৰাষ্ট্ৰবিৰোধী আৰু দেশৰ ভিতৰত সংঘটিত হৈ থকা সন্ত্ৰাসবাদকে ধৰি অন্যান্য দিশসমূহৰ পৰা ৰাইজক সুৰক্ষা প্ৰদান কৰিবলৈ চৰকাৰে প্ৰয়োজনীয় সকলো কামেই কৰিব বুলি মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷ দেশৰ ভিতৰত সংঘটিত হৈ থকা ৰাষ্ট্ৰবিৰোধী সন্ত্ৰাসবাদে ভাৰতৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে ৷ মুম্বাইৰ দৰে সুৰক্ষিত ঠাইকো সন্ত্ৰাসবাদীয়ে লক্ষ্য কৰি লৈছিল,সাগৰীয় সীমাৰ সুৰক্ষাৰ ক্ষেত্ৰত দেশে অধিক গুৰুত্ব প্ৰদান কৰি আহিছে ৷