অসম

assam

ETV Bharat / bharat

কেন্দ্ৰীয় বাজেট 2020ঃ কি আছে কৃষিখণ্ডলৈ - Union budget latest update

সংসদত দাখিল পূৰ্ণাংগ বাজেট ৷ শনিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰে বাজেট ৷

বাজেট 2020
কৃষিখণ্ড

By

Published : Feb 1, 2020, 1:56 PM IST

বিজনেছ ডেস্ক, 1 ফেব্ৰুৱাৰী : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে সংসদত দাখিল কৰে তেওঁৰ দ্বিতীয়খন বাজেট ৷ বিজেপিৰ ক্ৰমাগত দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটত মোডী চৰকাৰে প্ৰতিটো খণ্ডতে অৰ্থ সাহায্য প্ৰদান কৰাৰ প্ৰয়াস চলাইছে ৷ সংসদত সীতাৰমণে মন্তব্য কৰে যে, চৰকাৰে বিত্তবৰ্ষ 2020-21 ৰ বাবে কৃষিখণ্ডত 15 লাখ কোটি টকাৰ ঋণ প্ৰদানৰ কথা ঘোষণা কৰিছে ৷ বাজেট দাখিলৰ সময়ত বিত্তমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, নাবাৰ্ড পুনঃ বিত্ত আঁচনিৰ প্ৰসাৰণ ঘটোৱা হ'ব ৷

* কৃষিভূমি পট্টা, contract farming ৰ বাবে প্ৰতিখন ৰাজ্যক 3 টাকৈ কেন্দ্ৰীয় আৰ্হি গ্ৰহণৰ সিদ্ধান্ত : বিত্তমন্ত্ৰী

* উদ্যানৰ খাদ্য উৎপাদন 311 মেট্ৰিক টনলৈ বৃদ্ধিৰ লক্ষ্য

* কৃষিকৰ্মত ব্যৱহৃত সাৰৰ সঠিক ব্যৱহাৰৰ বাবে উদগনি যোগোৱাৰ সিদ্ধান্ত

* সুক্ষ্ম জলসিঞ্চনৰ প্ৰসাৰণ

* 6.11 কোটি কৃষকলৈ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা

কৃষিখণ্ডলৈ বিত্তমন্ত্ৰীৰ ঘোষণা

ABOUT THE AUTHOR

...view details