নেশ্যনেল ডেস্ক, 28 এপ্ৰিল : কৰ'ণা ভাইৰাছ সম্বন্ধীয় চিকিৎসা সামগ্ৰী ক্ৰয়ৰ বাবে Government e-Marketplace (GeM)ৰ জৰিয়তে চৰকাৰে 159 কোটি টকা ব্যয় কৰিছে ৷ এই কথা জানিবলৈ দিয়ে এক চৰকাৰী সূত্ৰই ৷
GeMৰ মুখ্য কাৰ্যবাহী বিষয়া তলিন কুমাৰে জানিবলৈ দিয়ে যে, কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজত ভাৰতক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে GeM য়ে প্ৰায় 146 টা বিভিন্ন চিকিৎসা সামগ্ৰী সংলগ্ন কৰিছে ৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে থাৰ্মেল স্কেনাৰ,বীজাণুনাশক সামগ্ৰী আৰু কিছু সেৱা সামগ্ৰী ৷
তেওঁ কয় যে,"GeM য়ে ইয়াৰ পেজত বিভিন্ন কেটেগৰীত মেডিকেল সেৱাৰ লগতে অন্যান্য সেৱা আগবঢ়াইছে ৷ এই সেৱাসমূহৰ ভিতৰত আছে অস্থায়ী হাস্পতাল, COVID-19ৰ লক্ষণ নেদেখুৱা অথবা কমকৈ লক্ষণ দেখুওৱা ৰোগীৰ বাবে আইচ'লেশ্যন ৱাৰ্ড,আইচিইউ ৱাৰ্ড আদি ৷ 23 মাৰ্চৰ পৰা 23 এপ্ৰিল পৰ্যন্ত 10,000 অৰ্ডাৰৰ বাবে পৰিশোধ কৰা হৈছে 159 কোটি টকা ৷"