নেশ্যনেল ডেস্ক, ১২ ডিচেম্বৰ: ১৭ দিন ধৰি দিল্লীত কৃষি আইনৰ বিৰোধিতাৰে কৃষকৰ প্ৰতিবাদ অব্যাহত আছে । শনিবাৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কেন্দ্ৰীয় চৰকাৰে কৃষকৰ কল্যাণৰ বাবে কৃষি আইন প্ৰণয়ন কৰা বুলি মন্তব্য কৰি কৃষকসকললৈ পুনৰ এক বাৰ্তা প্ৰেৰণ কৰে । ১০ সংখ্যক ইণ্টেলিজেঞ্চ নলেজ ছামিটত অংশ লৈ তেওঁ কয় যে, চৰকাৰে কৃষকৰ হিত সাধনৰ বাবে এই ৩ খন কৃষি আইন সংশোধন আৰু প্ৰণয়ন কৰিছে । কৃষি ক্ষেত্ৰৰ উন্নয়নৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ।
কৃষকসকলৰ জীৱনলৈ পৰিৱৰ্তন আনিবলৈ কৃষি আইন প্ৰণয়ন কৰা হৈছে । ২০২২ চনলৈকে কৃষকৰ আয় দুগুণ বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰে প্ৰথম পদক্ষেপ হিচাপে এই আইন প্ৰণয়ন কৰিছে । প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধিৰ অধীনত সমগ্ৰ দেশৰ কৃষকৰ মাজত ১০.৫ কোটি টকা বিতৰণ কৰা হৈছে । তেওঁ লগতে কয় যে, কৃষকৰ বাবে ডাটা বেংকৰো ব্যৱস্থা কৰা হৈছে, যি কৃষকক ঘৰতে গৈ প্ৰয়োজনীয় তথ্য যোগান ধৰিব ।