নিউজ ডেস্ক, 19 অক্টোবৰ : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে অসম-মিজোৰামৰ সীমা ৰক্ষাৰ বাবে সকলো সমৰ্থন প্ৰদান কৰাৰ বাবে অসম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক আশ্বাস প্ৰদান কৰে ৷ দুয়োখন ৰাজ্যৰ লোক সকলৰ মাজত হিংসাত্মক পৰিস্থিতিৰ বিষয়ে অৱগত কৰাৰ পিচতে অমিত শ্বাহে সোণোৱালক এই আশ্বাস প্ৰদান কৰে ।
গৃহ মন্ত্ৰালয়ৰ সূত্ৰই ইটিভি ভাৰতক জনাই যে, অমিত শ্বাহে তেওঁৰ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলক এই বিষয় সন্দৰ্ভত তদন্ত আগবঢ়াবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ গৃহ সচিব অজয় কুমাৰে অসম আৰু মিজোৰামৰ মুখ্য সচিব সকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে উক্ত বিষয় সন্দৰ্ভত আলোচনা আগবঢ়াইছে ৷ দুয়োখন ৰাজ্যক আইন- শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে ৷ দেওবাৰে সোণোৱালে প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু গৃহ মন্ত্ৰালয়ৰ কাৰ্যালয়ক ঘটনা সন্দৰ্ভত অৱগত কৰিছিল ৷
লগতে পঢ়ক :বিল্বেশ্বৰ দেৱালয়: হিন্দু-মুছলমানৰ সম্প্ৰীতি ৰক্ষাৰ সাঁকো