নেশ্যনেল ডেস্ক, 19 ফেব্ৰুৱাৰীঃ দুগ্ধজাত খণ্ডক বিকশিত কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে বুধবাৰে 4,558 কোটি টকাৰ আঁচনি ৰূপায়ন কৰে ৷ য’ৰ পৰা 95 লাখ কৃষক লাভান্বিত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে ৷
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে এই আঁচনিত অনুমোদন জনাই ইয়ে পৰৱৰ্তী পৰ্যায়ৰ ‘‘শুভ্ৰ বিপ্লৱ’’ৰ সূচনা কৰিব বুলি উল্লেখ কৰে ৷