অসম

assam

ETV Bharat / bharat

মনৰেগা আঁচনিৰ বাবে অতিৰিক্ত ৪০ হাজাৰ কোটি টকাৰ আৱণ্টন কেন্দ্ৰীয় চৰকাৰৰ - নিৰ্মলা সীতাৰমণ

অৰ্থনৈতিক উদ্দীপনা পেকেজৰ পঞ্চম আৰু চূড়ান্ত কিস্তি হিচাপে ভাৰতীয় বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে মনৰেগা আঁচনিৰ বাবে প্ৰথম বাজেটত আৱণ্টন দিয়া ৬১ হাজাৰ কোটিতকৈ অতিৰিক্ত ৪০ হাজাৰ কোটি টকাৰ আৱণ্টনৰ ঘোষণা কৰিছে ।

Govt allocates Rs 40,000 cr more for MGNREGS
Govt allocates Rs 40,000 cr more for MGNREGS

By

Published : May 17, 2020, 3:45 PM IST

নিউজ ডেস্ক, ১৭ মে': লক্ ডাউনৰ মাজতেই ভাৰত বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ দেওবাৰে গুৰুত্বপূৰ্ণ ঘোষণা । সংবাদমেল আয়োজন কৰি দেওবাৰে গ্ৰামীণ কৰ্মসংস্থাপন নিয়শ্চতা আঁচনিৰ অধীনত প্ৰব্ৰজিত শ্ৰমিক সকলৰ প্ৰত্যাৱৰ্তনৰ পাচত চাকৰীৰ দিয়াৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ অতিৰিক্ত ৪০ হাজাৰ কোটি টকাৰ আৱন্টনৰ ঘোষণা কৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ।

অৰ্থনৈতিক উদ্দীপনা পেকেজৰ পঞ্চম আৰু চূড়ান্ত কিস্তি হিচাপে ভাৰতীয় বিত্তীয় মন্ত্ৰীগৰাকীয়ে মনৰেগা আঁচনিৰ বাবে আৱণ্টন দিয়া পূৰ্বৰ বাজেটৰ ৬১ হাজাৰ কোটি টকাতকৈ অতিৰিক্ত ৪০ হাজাৰ কোটি টকাৰ আৱণ্টনৰ কথা ঘোষণা কৰা হয় । লগতে স্বাস্থ্য়ৰ ক্ষেত্ৰত সাৰ্বজনিক ব্যয় বৃদ্ধি কৰাৰো পোষকতা কৰে মন্ত্ৰীগৰাকীয়ে । আনহাতে তৃণমূল পৰ্যায়ৰ স্বাস্থ্য় প্ৰতিষ্ঠান সমূহৰ ক্ষেত্ৰতো বিনিয়োগ বৃদ্ধি কৰাৰ কথা উল্লেখ কৰা হয় সংবাদমেলত ।

ইয়াৰ ওপৰি শিক্ষাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰৰ পোষকতা কৰি শীঘ্ৰেই অনলাইন শিক্ষা ব্যৱস্থাৰ মুকলি কৰাৰ নিৰ্দেশ দিয়া হৈছে । লগতে ১ ৰ পৰা দ্বাদশ শ্ৰেণীলৈ এটা টিভি চেনেল (এটা শ্ৰেণী, এটা চেনেল) অংশ হ'ব বুলিও কয় । আনহাতে দেশৰ ১০০ টা শীৰ্ষ বিশ্ববিদ্যালয়ক চলিত বৰ্ষৰ ৩০ মে'ৰ পৰা স্বয়ংক্ৰিয় ভাৱে অনলাইন পাঠদান (Course) আৰম্ভ কৰাৰ অনুমতি দিয়া হ'ব বুলি জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

...view details