অসম

assam

ETV Bharat / bharat

শিৱ সেনাক মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিবলৈ আহ্বান ৰাজ্যপালৰ - political turmoil in maharashtra

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং ক’চেৰিয়ে দেওবাৰে শিৱ সেনাক মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিবলৈ আহ্বান জনায় ৷ ৰাজ্যপালগৰাকীয়ে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় সংখ্যাগৰিষ্ঠ দল শিৱ সেনাৰ নেতা একনাথ সিন্দেক দলৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাই ৷

শিৱ সেনাক মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিবলৈ নিমন্ত্ৰণ ৰাজ্যপালৰ

By

Published : Nov 11, 2019, 1:34 AM IST

নেশ্যনেল ডেস্ক, 10 নবেম্বৰঃমহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং ক’চেৰিয়ে দেওবাৰে শিৱ সেনাক মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিবলৈ নিমন্ত্ৰণ জনায় ৷ ৰাজ্যপালগৰাকীয়ে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় সংখ্যাগৰিষ্ঠ দল শিৱ সেনাৰ নেতা একনাথ সিন্দেক দলৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায় ৷

উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল 21 অক্টোবৰত আৰু ভোটগননা হৈছিল 24 অক্টোবৰত ৷ নিৰ্বাচনত 105 খন আসনৰে সৰ্ববৃহৎ দল হিচাপে পৰিগনিত হৈছিল বিজেপি আৰু শিৱ সেনায়ে 56 খন আসন লাভ কৰি দ্বিতীয় সৰ্ববৃহৎ দল হিচাপে পৰিগনিত হৈছিল ৷ 15 দিনৰ সময় উকলি যোৱাৰ পিছতো কোনো দল বা মিত্ৰজোঁটে ৰাজ্যখনত চৰকাৰ গঠন কৰিব পৰা নাই ৷ শনিবাৰে ৰাজ্যপালগৰাকীয়ে দেবেন্দ্ৰ ফাডনাভিজক তেওঁৰ দল চৰকাৰ গঠন কৰিবলৈ সামৰ্থ্য আৰু ইচ্ছুক নে এই প্ৰশ্ন উত্থাপন কৰিছিল ৷ ইয়াৰ পিছতেই বিজেপিয়ে দুখনকৈ সভা অনুষ্ঠিত কৰে যদিও কোনো সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে ৷ যাৰ ৰাৰে দেওবাৰে বিজেপিয়ে মহাৰাষ্ট্ৰত চৰকাৰ গঠন নকৰে বুলি নিজ স্থিতি স্পষ্ট কৰে ৷

ABOUT THE AUTHOR

...view details