নিউজ ডেস্ক, 26 আগষ্টঃ সোমবাৰৰ পৰা আতৰাই দিয়া হয় দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বিশেষ নিৰাপত্তা ব্যৱস্থা ৷ কেন্দ্ৰীয় নিৰাপত্তা আৰু সুৰক্ষা সংস্থাৰ প্ৰতিবেদনৰ পিচতেই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ দায়িত্বত থকা এছপিজি সুৰক্ষা ব্যৱস্থা আতৰাই দিয়ে ৷
আতৰোৱা হ'ল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ এছপিজিৰ সুৰক্ষা - Monmohan Singh Security Latest News
দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নিৰাপত্তাৰ দায়িত্বত থকা এছপিজি আতৰাই দিয়ে কেন্দ্ৰীয় চৰকাৰে ৷ কেন্দ্ৰীয় নিৰাপত্তা আৰু সুৰক্ষা সংস্থাৰ প্ৰতিবেদনৰ পিচতেই গৃহ মন্ত্ৰালয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ এছপিজি আতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
2004 চনৰ পৰা 2014 চনলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত থকা মনমোহন সিঙৰ সুৰক্ষাৰ দায়িত্বত আছিল ৰাষ্ট্ৰীয় সুৰক্ষা সংস্থাৰ বিশেষ নিৰাপত্তাৰক্ষী দল অৰ্থাৎ এছপিজি ৷ শেহতীয়াকৈ সোমবাৰৰ পৰা উক্ত নিৰাপত্তা ব্যৱস্থা উঠাই লোৱাৰ পিচত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক প্ৰদান কৰা হয় দেশৰ অন্যতম জেদ প্লাছ (Z+) নিৰাপত্তা সেৱা ৷ এই নিৰাপত্তা সেৱাত চিআৰপিএফৰ বিশেষভাৱে প্ৰশিক্ষিত জোৱানে নিৰীক্ষণ কৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নিৰাপত্তা ব্যৱস্থা ৷
উল্লেখ্য যে, দেশৰ বিভিন্ন চোৰাংচোৱা সংস্থাই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক প্ৰদান কৰা তথ্যৰ ভিত্তিতে কেবিনেট সচিবালয়ে অনুমতি জনায় এছপিজি নিৰাপত্তা আতৰোৱাৰ সিদ্ধান্তক ৷ দেশৰ ভিভিআইপি লোকসকলক তিনিমাহৰ পুনৰীক্ষণৰ অন্তত প্ৰদান কৰা হয় এই সুৰক্ষা ব্যৱস্থা ৷ মনমোহন সিঙৰ দায়িত্বত থকা এছপিজি সুৰক্ষা ব্যৱস্থা উঠাই লোৱাৰ পিচতে এই সেৱা লাভ কৰিব কেৱল চাৰিগৰাকী ব্যক্তিয়ে ৷ তেওঁলোক হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,কংগ্ৰেছ দলৰ ছোনিয়া গান্ধী,ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে ৷