নেচনেল ডেস্ক, 10 ডিচেম্বৰ :কৃষক বিদ্ৰোহ সন্দৰ্ভত চৰকাৰক সকীয়নী কংগ্ৰেছ ৰাহুল গান্ধীৰ ৷ বুধবাৰে কংগ্ৰেছ নেতা গৰাকীয়ে চৰকাৰক কৃষকৰ শক্তি সন্দৰ্ভত এক সকীয়নী প্ৰদান কৰি কয় যে চৰকাৰে কৃষক সকলে তেওঁলোকৰ আন্দোলনৰ পৰা পিছ হুহকি যাব বুলি মনত ভ্ৰান্ত ধাৰণা লৈ থাকিব নালাগে ৷ তেওঁ লগতে ইয়াকো কয় যে বিৰোধী দল সমূহ কৃষক সকলৰ লগত আছে ৷
ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দক স্মাৰক পত্ৰ প্ৰদান কৰি এন চি পি , চিপিআই-এম , ডিএমকে আৰু চিপিআইৰ নেতৃবৃন্দৰ সৈতে সংবাদ মাধ্যমক সম্বোধন কৰি গন্ধীয়ে কয় যে, কৃষকসকলে যদি আজি তেওঁলোকৰ অধিকাৰৰ বাবে থিয় নহয় তেন্তে কোনো দিনেই নিজৰ অধিকাৰৰ বাবে তেওঁলোকে মাত মাতিব নোৱাৰিব ৷ তেওঁ লগতে এইবুলি কৈ হুমকাৰ দিয়ে যে কৃষকসকলে তেওঁলোকৰ দাবীক লৈ কোনোধৰণৰ মিলামিছা নকৰে ৷