নেশ্যনেল ডেস্ক,6 নৱেম্বৰ : কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা ৰাজ্যসভাৰ সদস্য পি.এল.পুনিয়াই মঙলবাৰে শাসনাধীষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে মন্তব্য আগবঢ়াইছে ৷ পুনিয়াই কয় যে,কেন্দ্ৰীয় চৰকাৰে গোপনে মাণ্ডলিক সহযোগিতা শীৰ্ষক অৰ্থনৈতিক মিত্ৰতাত (RCEP) স্বাক্ষৰ কৰিব বিচাৰিছিল ৷ তেওঁ কয়, "কিন্তু কংগ্ৰেছে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাত বিজেপিয়ে এই কাম কৰিব নোৱাৰিলে ৷ পূৰ্বে আমাৰ এক শক্তিশালী অৰ্থনীতি আছিল আৰু অৰ্থনৈতিক ভাৰসাম্যতা ৰক্ষা কৰিবলৈ সক্ষম হৈছিলো ৷ সেই সময়ত অৰ্থনৈতিক স্থিতি আমাৰ পক্ষত আছিল ৷"
চৰকাৰে গোপনে RCEP স্বাক্ষৰিত কৰিব বিচাৰিছিল : পি. এল.পুনিয়া - ৰাজ্যসভাৰ সদস্য পি.এল.পুনিয়া
কেন্দ্ৰীয় চৰকাৰে গোপনে RCEPত স্বাক্ষৰ কৰিব বিচাৰিছিল বুলি মন্তব্য কৰে কংগ্ৰেছৰ মুখপাত্ৰ পি.এল.পুনিয়াই ৷
পি. এল. পুনিয়া
উল্লেখ্য যে,বিশ্বৰ 16 খনকৈ দেশৰ বৃহত্তম বিনামূলীয়া ব্যৱসায়িক চুক্তি হৈছে RCEP ৷ কিন্তু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শেহতীয়া থাইলেণ্ড ভ্ৰমণত এই চুক্তিত স্বাক্ষৰ কৰাৰ পৰা বিৰত থাকে ৷
আৰু পঢ়ক : দিল্লীৰ প্ৰদূষণক লৈ চিন্তিত বলীউদ তাৰকা