নিউজ ডেস্ক, 10 এপ্ৰিলঃ কৰ'ণা ভাইৰাচৰ বিৰুদ্ধে যুঁজৰ ক্ষেত্ৰত ভাৰতৰ প্ৰথম শ্ৰেণীৰ কৰ্মী সকলে নিজকে সহাৰ্য আৰু সহায় প্ৰদানত নিয়োজিত কৰিছে । ইয়াৰ পিচতে তেওঁলোকক সলনি কৰি এই সংকটৰ লগত যুঁজিবলৈ বহুতো শক্তিৰ প্ৰয়োজন হ'ব ।
সেয়ে ইয়াৰ বাবে প্ৰশিক্ষণ দিবলৈ প্ৰস্তুতি চলাইছে চৰকাৰে । আৰু COVID-19 প্ৰশমনৰ বাবে ভাৰত চৰকাৰে প্ৰস্তুত কৰিছে প্ৰশিক্ষণ আৰ্হি । টুইটাৰ যোগে এই কথা জনাই ভাৰত চৰকাৰে ।
'Integrated Govt. Online training’ (iGOT) নামেৰে ভাৰত চৰকাৰে এক পৰ্টেল মুকলি কৰাৰ কথা ঘোষণা কৰে । মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়ৰ তত্ত্বাবধানত এই পৰ্টেল প্ৰস্তুত কৰা হৈছে । যাতে অনলাইনৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰি প্ৰথম শ্ৰেণীৰ কৰ্মী প্ৰস্তুত কৰিব পাৰি ।