নিউজ ডেস্ক, 8 জুলাইঃ লোকসভাত এঘন্টাৰ ভিতৰত অভিলেখসংখ্যক আঠখনকৈ বিধেয়ক উত্থাপিত হয় সোমবাৰে ৷ লোকসভাৰ প্ৰশ্নোত্তৰ শিতানৰ অন্তত অধ্যক্ষ ওম বিৰলাই অনুমতি প্ৰদান কৰাৰ মাত্ৰ এঘন্টা সময়ৰ ভিতৰতে এইদৰে উত্থাপন হয় বিধেয়কসমূহ ৷
এঘন্টাত উত্থাপন আঠখন বিধেয়ক - eight Bills in one hour
সোমবাৰে লোকসভাত এঘন্টাৰ ভিতৰত উত্থাপন হয় আঠখনকৈ বিধেয়ক ৷ সংসদৰ প্ৰশ্নোত্তৰ শিতানৰ পিচতেই উত্থাপন হয় এইসমূহ বিধেয়ক ৷
এঘন্টাত উত্থাপন আঠখন বিধেয়ক
সদনত উত্থাপন হোৱা বিধেয়কসমূহ হৈছে ক্ৰমে, দি ডিএনএ (ইউজ এণ্ড এপ্লিকেশ্বন) ৰেগুলেশ্বন বিল 2019, দি আনল'ফুল এক্টিভিটিজ (প্ৰিভেনশ্বন) এমেণ্ডমেন্ট বিল 2019, দি নেশ্বনেল ইনভেষ্টিগেশ্বন এজেন্সি (এমেণ্ডমেন্ট) বিল 2019, দি প্ৰটেকশ্বন অৱ হুমান ৰাইটছ (এমেণ্ডমেন্ট) বিল 2019, দি কনজুমাৰ প্ৰটেকশ্বন বিল 2019, দি পাব্লিক প্ৰিমাইছ (ইভিকশ্বন অৱ আন-অথৰাইজদ অকুপেন্টছ) এমেণ্ডমেন্ট বিল 2019, দি জালিয়ানৱালা ৱাগ নেশ্বনেল মেম'ৰিয়েল (এমেণ্ডমেন্ট বিল) 2019 আৰু দি চেন্ট্ৰেল ইনিভাৰ্চিটিছ (এমেণ্ডমেন্ট) বিল 2019 ৷